নেহা কক্কৰ-আদিত্যৰ বিয়া! ভাইৰেল VIDEO

নেহা কক্কৰ-আদিত্যৰ বিয়া! ভাইৰেল VIDEO

author-image
asomiyapratidin
New Update
নেহা কক্কৰ-আদিত্যৰ বিয়া! ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ প্ৰতিক্ষাৰ অন্ত পৰিল। অপেক্ষাৰ অন্তত হৈ গ'ল বিশেষ বিয়াখন। দৰা আদিত্য নাৰায়ণ আৰু কইনা নেহা কক্কৰ। ইণ্ডিয়ান আইডলৰ মঞ্চত সম্পন্ন হ'ল বিয়াখন। ১৪ নৱেম্বৰত ভেলেন্টাইন ডে'ৰ দিনাখন হৈ গ'ল তেওঁলোকৰ বিয়া। ইণ্ডিয়ান আইডলৰ মঞ্চত বিয়াৰ বাবে এগৰাকী পুৰোহিতকো দেখা গ'ল। বিয়াত উপস্থিত থাকে কেবাগৰাকী আন আন জনপ্ৰিয় শিল্পী।

Advertisment

এই অনুষ্ঠানতে উপস্থিত আছিল আদিত্য নাৰায়ণৰ পিতৃ তথা জনপ্ৰিয় গায়ক উদিত নাৰায়ণ আৰু মাতৃ দীপা নাৰায়ণ ঝাও। ইফালে নেহা কক্কৰৰ অভিভাৱকো উপস্থিত আছিল অনুষ্ঠানটোত। বহুলোকে সঁচা বুলি ভাবিলেও আচলতে এইয়া তেওঁলোকৰ প্ৰকৃত বিয়া নাছিল। ইণ্ডিয়ান আইডলৰ মঞ্চৰ এক অনুষ্ঠানহে আছিল দুয়োৰে বিয়া।

প্ৰকৃততে ইণ্ডিয়ান আইডলৰ প্ৰতি দৰ্শক সকলক অধিক হাৰত মোহিত কৰাৰ বাবে এইয়া আছিল আয়োজকৰ এক কৌশল। এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উদিত নাৰায়ণে। তেওঁ পুত্ৰৰ বিয়াৰ প্ৰসংগত কয় যে, আদিত্য আমাৰ একমাত্ৰ সন্তান। আমি তেওঁৰ বিয়াৰ বাবে ৰৈ আছো। যদি তেওঁলোকৰ বিয়াৰ প্ৰসংগত ওলোৱা উৰা বাতৰি সঁচা হয় তেতিয়া আমি সুখী হ'ম। আদিত্যই আমাৰ সৈতে এই প্ৰসংগত কোনো কথা পতা নাই। চাওক সেই ভিডিঅ',