Indian Idol: একেদিনাই ‘ইণ্ডিয়ান আইডল’ৰ পৰা বাহিৰ হৈছিল আয়ুষ্মান-নেহা

একেদিনাই ‘ইণ্ডিয়ান আইডল’ৰ পৰা বাহিৰ হৈছিল আয়ুষ্মান-নেহা
Indian Idol: একেদিনাই ‘ইণ্ডিয়ান আইডল’ৰ পৰা বাহিৰ হৈছিল আয়ুষ্মান-নেহা

ডিজিটেল ডেক্স:Indian Idol: সাধনাই সফলতাৰ মূল ছাবি-কাঠি।লক্ষ্য স্থিৰ কৰি কষ্ট, ত্যাগ আৰু সাধনাৰে জীৱনত আগবাঢ়ি গ’লে সফলতা লাভ কৰাতো নিশ্চিত।ইয়াৰ এক জলন্ত উদাহৰণ বলীউডৰ অন্যতম সফল গায়ক তথা অভিনেতা আয়ুষ্মান খুৰানা আৰু গায়িকা নেহা কক্কৰ।

নেহা কক্কৰ সাম্প্ৰতিক সময়ৰ দেশৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী আৰু আয়ুষ্মান খুৰানাও বলীউডৰ শীৰ্ষৰ গায়ক-অভিনেতা।কিন্তু এই দুয়োজন শিল্পীকে এসময়ত তেওঁলোকৰ কলাৰ বাবেই প্ৰত্যাখ্যান কৰা হৈছিল।হয়,এই ঘটনা সংগীতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘ইণ্ডিয়ান আইডল’ৰ।এসময়ৰ এই শ্ব’টোৰ প্ৰতিযোগী নেহা কক্কৰ আৰু আয়ুষ্মান খুৰানাক তেওঁলোকৰ কণ্ঠ বেয়া বুলিয়েই শ্ব’টোৰ পৰা একেদিনাই বাহিৰ কৰি দিয়া হৈছিল।কিন্তু ইয়াৰ পাছতো থমকি ৰোৱা নাছিল দুয়োগৰাকী শিল্পী।দুয়োয়ে দুয়োৰ পথত নিষ্ঠা,সততা আৰু সাধনাৰে আগবাঢ়ি গৈ আজি দেশৰ বহুজনৰ আদৰ্শ হৈ পৰিল।

এই সমগ্ৰ বিষয়টো চৰ্চালৈ অহাৰ এক বিশেষ কাৰণ আছে।হয়, মুক্তিৰ অপেক্ষাত থকা ছবি ‘এন একশ্যন হিৰো’ প্ৰচাৰৰ বাবে ‘ইণ্ডিয়ান আইডল ১৩’ লৈ আহিছিল আয়ুষ্মান খুৰানা।ছবিখনৰ প্ৰচাৰৰ সময়তে ‘ইণ্ডিয়ান আইডল ১৩’ৰ মঞ্চৰ পৰাই এই বিষয়ে মন্তব্য কৰি অভিনেতাজন নষ্টালজিক হৈ পৰে।অভিনেতাজনে কয়, ‘এই মঞ্চই মোক বহু কন্দুৱাই থৈছে।ইয়াৰ পৰাই একেদিনাই মই আৰু নেহায়ে বিদায় ল’বলগীয়া হৈছিল।আমি দুয়োয়ে সেইদিনা বহুত কান্দিছিলো।অলপ সময়ৰ বাবে আমি ভাবিছিলো আমাৰ সকলো সপোনেই ভাঙি গ’ল। কিন্তু তাৰ পাছত আমি দুয়োয়ে দুগুণ সাহস আৰু সাধনাৰে জীৱনত আগবাঢ়ি গৈছিলো।এতিয়া নেহা এই শ্ব’টোৰ বিচাৰক আৰু মই মোৰ ছবিৰ প্ৰচাৰৰ বাবে ইয়ালৈ আহিছো। মোৰ বাবে এয়া বহুত ডাঙৰ কথা।’

উল্লেখ্য,নেহা কক্কৰৰ লগতে ‘ইণ্ডিয়ান আইডল ১৩’ৰ বিচাৰকৰ দায়িত্বত আছে হিমেশ ৰেছমিয়া আৰু বিশাল দাদলানী।

আনহাতে, ‘এন একশ্যন হিৰো’’ৰ প্ৰচাৰত আয়ুষ্মানৰ লগতে এই মঞ্চত দেখা গ’ল ছবিখনৰ আন এজন অভিনেতা অজয়দীপ আহলাৱতক।শ্ব’টোৰ দুয়োজন অতিথিয়েই প্ৰতিযোগী ঋষি সিঙৰ প্ৰশংসাত পঞ্চমূখ হৈ পৰে।

উল্লেখ্য,আয়ুষ্মানৰ ছবি ‘এন একশ্যন হিৰো’ ২ ডিচেম্বৰত দেশৰ সকলো ছবিগৃহত মুক্তি পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in