/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3a885d94-8eba-4c41-95ca-a2c210cf2dc2/lj.jpg)
india film chello show to oscars
ডিজিটেল ডেস্ক: ৯৫ সংখ্যক অস্কাৰৰ আন্তৰ্জাতিক পূৰ্ণদৈঘ্যৰ ছবিৰ শিতানত ভাৰতৰ পৰা আনুষ্ঠানিক মনোনয়ন লাভ কৰিছে গুজৰাটী ছবি 'ছেল্লো শ্ব'(অন্তিম বোলছবি শ্ব) ই। মঙলবাৰে ফিল্ম ফেডাৰেছন অব ইণ্ডিয়াই ঘোষণা কৰিছে এই কথা।
ভাৰতীয় ছিনেমাত আলোড়নৰ সৃষ্টি কৰা আৰ আৰ আৰ, কাশ্মীৰ ফাইলছ ছবি দুখনে এইবাৰ অস্কাৰৰ বাবে মনোনয়ন লাভ কৰিব বুলি আশা কৰা হৈছিল। কিন্তু তেনে নহ'ল।
ইয়াৰ বিপৰীতে গুজৰাটৰ অখ্যাত গাঁৱৰ এটি শিশুৰ অনিসন্ধিৎসু জীৱনক লৈ নিৰ্মিত ছবিয়ে লাভ কৰিলে মনোনয়ন। উল্লেখ্য যে, ১১০ মিনিটৰ ছবিখন শ্বুটিং হৈছিল লকডাউনৰ পূৰ্বে।তাৰ পাছতেই ছবিখন বিভিন্ন ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us