কেট্ৰিনাক লৈ মন্তব্য হৃত্বিকৰ- ‘দেখাতহে সুন্দৰী, ভিতৰি এগৰাকী মজদুৰ…’

কেট্ৰিনাক লৈ মন্তব্য হৃত্বিকৰ- ‘দেখাতহে সুন্দৰী, ভিতৰি এগৰাকী মজদুৰ…’

author-image
asomiyapratidin
New Update
কেট্ৰিনাক লৈ মন্তব্য হৃত্বিকৰ- ‘দেখাতহে সুন্দৰী, ভিতৰি এগৰাকী মজদুৰ…’

ডিজিটেল ডেস্কঃ বলীউডত পাৰফেক্ট যুটী বুলি ক'লেই মনলৈ অহা যুটী সমূহৰ ভিতৰত অন্যতম হৈছে হৃত্বিক আৰু কেট্ৰিনাৰ যুটী। 'বেং বেং' আৰু 'জিন্দেগী না মিলেগী দুবাৰা'ত একেলগে অভিনয় কৰা হৃত্বিক ৰোশন আৰু কেট্ৰিনা কেইফৰ যুটীটোৱে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়াকৈ হৃত্বিক ৰোশনে তেওঁৰ এই সহ অভিনেত্ৰীগৰাকীক এগৰাকী মজদুৰ বুলি অভিহিত কৰাক লৈ চলিছে ব্যাপক চৰ্চা।

দৰাচলতে শুকুৰবাৰে চিংগাপুৰত আয়োজিত এক অনুষ্ঠানত উপস্থিত আছিল কেট্ৰিনা। অনুষ্ঠানটোত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে জড়িত হৈছিল হৃত্বিক। অনুষ্ঠানত হৃত্বিক কেট্ৰিনাক উদ্দেশ্যি কয়, 'কেট্ৰিনা কেৱল বাহিৰৰ পৰাহে সুন্দৰী, কিন্তু ভিতৰৰ তেওঁ সম্পূৰ্ণৰূপে এগৰাকী মজদুৰ হে।'

'মই প্ৰায়েই কেট্ৰিনাক এই কথা কওঁ আৰু এয়া তেওঁৰ অপমান বুলি কেট্ৰিনাই ভাৱে। কিন্তু মই এয়া সন্মান আৰু তেওঁৰ প্ৰশংসা কৰিহে কোৱা কথা। মই কেট্ৰিনাক প্ৰায়ে মজদুৰ বুলি কওঁ। কিয়নো তেওঁৰ দৰে পৰিশ্ৰমী অভিনেত্ৰী বলিউড ইণ্ডাষ্ট্ৰীত দ্বিতীয়গৰাকী হয়তো নাই। তেওঁ এগৰাকী ভাল কৰ্মচাৰী বলিউডৰ বাবে।' -হৃত্বিক এনেদৰে কয়।

টাইগাৰ শ্ৰফৰ সৈতে অভিনীত আহিবলগা ছবি 'ৱাৰ'ৰ প্ৰমোচনত ব্যস্ত হৃত্বিক ৰোশনে তেওঁৰ দুখনকৈ চুপাৰহিট চিনেমাৰ সহ শিল্পী কেট্ৰিনা সন্দৰ্ভত পুনৰ কয়, 'কেট্ৰিনা দেখাত যিমান সুন্দৰী আৰু কোমল, সিমানেই অধিক পৰিশ্ৰমী। তেওঁৰ ভিতৰত কোনোবাখিনিত এজন মজদুৰ লুকাই আছে। যিয়ে তেওঁক সকলো কাম কষ্ট আৰু মনোযোগেৰে কৰিবলৈ উদগণি যোগায়। তেওঁৰ সৈতে কাম কৰাৰ অন্য এক মাদকতা আছে।'