/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8b3e9b77-9061-4785-85c0-871d5b9f09bb/AP_FOR_WEB_hritik.jpg)
ডিজিটেল ডেস্ক: ব্যতিক্ৰমী অভিনয় তথা নৃত্য শৈলী, অতুলনীয় চেহেৰা, ‘অনস্ক্ৰীণ’ আকৰ্ষণকে ধৰি বহুমুখী প্ৰতিভাৰে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেতা হৃতিকৰ আজি জন্মদিন।বলীউডৰ ছুপাৰষ্টাৰ হৃত্বিক ৰোশনে আজি তেওঁৰ ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে।হৃতিকৰ জন্ম ১৯৭৪ চনৰ ১০ জানুৱাৰীত। তেওঁৰ প্ৰথম ছবি ‘কহো না প্যাৰ হে’ৰ মুক্তিৰ পৰাই তেওঁক দেশৰ ‘হাৰ্টথ্ৰব’ হৈ পৰা হৃতিক সম্প্ৰতি ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা অন্যতম অভিনেতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9ac91edc-d812-4971-be31-04594e0d1cec/hr_1.webp)
‘গ্ৰীক গড’ আৰু বিশ্বৰ আটাইতকৈ ধুনীয়া পুৰুষ হিচাপে আন এক পৰিচয় আছে এইজন অভিনেতাৰ।ভাৰতীয় ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এইজন অভিনেতাই বৰ্তমানলৈ শ্ৰেষ্ঠ অভিনেতাৰ ছয়টাকৈ ফিল্মফেয়াৰ বঁটাৰ লগতে আন বহুতো বঁটা লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f9000f34-5586-493d-97e0-c6889cc2ce04/hr222.webp)
বলীউডৰ অন্যতম সফল প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু অভিনেতা ৰাকেশ ৰোশনৰ পুত্ৰ হৃতিক।সেয়ে সৰুৰে পিতৃ ৰাকেশ ৰোশনৰ সৈতে সহযোগিতা কৰিছে। তেওঁ ১৯৮০ ৰ দশকত কেইবাখনো ছবিত শিশু অভিনেতা হিচাপে অভিনয় কৰাৰ লগতে পিতৃৰ চাৰিখন ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ‘ফিজা’, ‘কভি খুশী কভি গম’,’ কই মিল গয়া’, ‘ক্ৰীশ’, ‘ক্ৰীশ ৩’, ‘ধুম ২’, ‘যোধা আকবৰ’, ‘গুজাৰিছ’, ‘জিন্দেগী না মিলেগী দোবাৰা’, ‘অগ্নিপথ’, ‘বেং বেং’, ‘ছুপাৰ ৩০’, ‘ৱাৰ’ আদি হৈছি হৃতিক অভিনীত কেইখনমান সফল ছবি।
এইজন অভিনেতাক দৰ্শকে অতি শীঘ্ৰেই সিদ্ধাৰ্থ আনন্দ পৰিচালিত ‘ফাইটাৰ’ শীৰ্ষক ছবিখনত দেখিবলৈ পাব।মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত হৃতিকে পাইলটৰ চৰিত্ৰত অভিনয় কৰিছে।আনহাতে, এই বৰ্ষৰ শেষৰ ফালে ‘ক্ৰীশ’ ফ্ৰেঞ্চাইজিৰ বহু প্ৰতীক্ষিত ‘ক্ৰীশ ৪’ৰ শ্বুটিং আৰম্ভ কৰিব অভিনেতাজনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dfc759b9-ff47-42c4-a81e-3d8c163660cb/hrr3333.jpg)
নিজতকৈ ১৩ বছৰে সৰু ছাবা আজাদৰ লগত তথা সম্পৰ্কৰ বাবে সম্প্ৰতি খুবেই চৰ্চাত আছে এইজন অভিনেতা।ছ’ছিয়েল মেডিয়াত হৃতিকে প্ৰায়ে ছাবাৰ লগত ঘনিষ্ঠ সম্পৰ্কৰ ফটো শ্বেয়াৰ কৰে।পূৰ্ব পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কেইদিনমানৰ পাছতে এই সম্পৰ্ক ৰাজহুৱা হোৱাত হৃতিক তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে।উল্লেখ্য, ২০০০ চনৰ ২০ ডিচেম্বৰত বাংগালুৰোত অতি গোপনভাৱে হৃতিক আৰু চুজেইন খানক বিয়া হৈছিল।এই দম্পতীহালৰ দুটি পুত্ৰ সন্তান আছে।২০১৪ চনৰ নৱেম্বৰত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।