/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/0e629606-2e07-4e00-b716-1006a179f161.jpg)
ডিজিটেল ডেস্কঃ মুক্তিৰ প্ৰথম পৰ্যায়ত উপাৰ্জনৰ দিশত কিছু পিছপৰি থাকিলেও অচিৰেই ২০০ কোটিৰ ঘৰত প্ৰৱেশৰ দিশে গতি কৰিছে অক্ষয় কুমাৰ অভিনীত ছবি হাউছফুল-৪য়ে। মুক্তিৰ ৫ টা দিনতে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা ছবিখনে বৰ্তমানেও দেশৰ হবু ছবিঙৰত সগৌৰৱেৰে চলি আছে।
৮ টা দিনৰ অন্তত ছবিখনৰ বৰ্তমান মুঠ উপাৰ্জন হৈছে ১৪৬ কোটি টকা। যোৱা শুকুৰবাৰৰ দিনটোত ছবিখনে উপাৰ্জন কৰিছে মুঠ ৭.৭৫ কোটি টকা। ছবি সমালোচকসকলৰ মতে এইদৰে গতি কৰিলে দ্বিতীয়টো সপ্তাহতে ছবিখনে প্ৰৱেশ কৰিব ২০০ কোটিৰ ক্লাৱত।