হাউছফুল-৪ঃ ১৩ দিনত ১৮১ কোটি…

হাউছফুল-৪ঃ ১৩ দিনত ১৮১ কোটি…

author-image
asomiyapratidin
New Update
হাউছফুল-৪ঃ ১৩ দিনত ১৮১ কোটি…

ডিজিটেল ডেস্কঃ আনকেইটা চিৰিজৰ দৰে এইবাৰো হিট হ'ল হাউছফুল-৪। প্ৰথম পৰ্যায়ত ছবিখন উপাৰ্জনৰ ক্ষেত্ৰত কিছু পিছ পৰি আছিল যদিও দ্বিতীয়টো সপ্তাহত ছবিখনক সুন্দৰকৈ আদৰি লয় দৰ্শকে। বিগত ১৩ টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিছে ১৮১.১১ কোটি টকা। অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।

Advertisment

'বক্স অফিচ ইণ্ডিয়া'ৰ অনুসৰি হাইছফুল-৪ দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানত দৰ্শকৰ ভাল সহাৰি লাভ কৰিছে ছবিখনে। ইয়াৰ বিপৰীতে মুম্বাই, পুণে আৰু বেংগালুৰুত ছবিখনে আশা কৰা ধৰণে উপাৰ্জন কৰিব নোৱাৰিলে। উল্লেখ্য যে, ছবিখনে মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিছিল মাত্ৰ ৮ কোটি টকা।