দুৰ্ঘটনাত পতিত বলীউডৰ জনপ্ৰিয় শিল্পী হিমেশ ৰেছমীয়া!

দুৰ্ঘটনাত পতিত বলীউডৰ জনপ্ৰিয় শিল্পী হিমেশ ৰেছমীয়া!

author-image
asomiyapratidin
New Update
দুৰ্ঘটনাত পতিত বলীউডৰ জনপ্ৰিয় শিল্পী হিমেশ ৰেছমীয়া!

ফাইল ফটো

ডিজিটেল ডেস্কঃ দুৰ্ঘটনাত পতিত বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী হিমেশ ৰেছমীয়াৰ বাহন। মু্ম্বাই-পুনে এক্সপ্ৰেছৱে'ত মঙলবাৰে পুৱা দুৰ্ঘটনাত পতিত হৈছে শিল্পীগৰাকীৰ বাহনখন। দুৰ্ঘটনাত আহত হৈছে শিল্পীজনৰ চালক ৰাম ৰঞ্জন। বাহনখন ৰাখি চালক ৰাম ৰঞ্জন বাহিৰলৈ ওলাই যাবলৈ লওতে এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ পোৱা গৈছে। একেসময়তে কেইবাখনো বাহনে শিল্পীজনৰ বাহনত খুন্দা মাৰে বুলি জানিবলৈ দিছে শিল্পীগৰাকীয়ে।

ইফালে সমগ্ৰ ঘটনা প্ৰসংগত নিৰ্দেশ দিয়া হৈছে তদন্তৰ। ঘটনা সংক্ৰান্তত মন্তব্য প্ৰকাশ কৰি জনপ্ৰীয় শিল্পীজনে কয় যে, 'মই বাহনখনত নাছিলো। মোৰ চালকজনহে আছিল বাহনত। অৱশ্য তেওঁ মোৰ দেউতাৰহে চালক। আজি মোৰ সৈতে আহিছিল। তেওঁ ভৰিত দুখ পাইছে। মই থিকে আছো। মোৰ দুৰ্ঘটনা হোৱা নাছিল। মোৰ বাহনখনহে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।'