বলিউডৰ জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণে কোভিড পজিটিভ…

বলিউডৰ জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণে কোভিড পজিটিভ…

author-image
asomiyapratidin
New Update
বলিউডৰ জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণে কোভিড পজিটিভ…

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে কোৰোনাত আক্ৰান্ত। ছ'চিয়েল মিডিয়াযোগে খোদ এই কথা সদৰী কৰে অভিনেতা গৰাকীয়ে। হৰ্ষবৰ্ধনে টুইটাৰযোগে জনাই যে, তেওঁ জ্বৰ আৰু পেটৰ বিষত ভোগি থকাৰ পাছত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয়।

হৰ্ষবৰ্ধন ৰাণেয়ে টুইটাৰত লিখিচে- 'মোৰ জ্বৰ আৰু পেটৰ বিষ হোৱাত মই চিকিৎসালয়লৈ গৈছিলো। তেওঁলোকে গৈছে যে, মোৰ জ্বৰ হৈছে আৰু মোৰ লাংছ সম্পূৰ্ণ ঠিকে আছে আৰু আন কোনো লক্ষণ দেখা পোৱা হোৱা নাই। তাৰপাছত মোৰ কোভিড টেষ্ট কৰায়। মই ব্যৱহাৰ কৰা আৰোগ্য সেতু এপটোৱে মোৰ কোভিড পজিটিভ বুলি কৈছে। সেয়েহে ১০ দিনৰ বাবে আইছ'লেশ্যনত থাকিম…।'