অতিশীঘ্ৰেই মুক্তি পাব আলিয়াৰ নতুন ছবি ”গাংগুবাই কাঠিয়াবাড়ী”

অতিশীঘ্ৰেই মুক্তি পাব আলিয়াৰ নতুন ছবি ”গাংগুবাই কাঠিয়াবাড়ী”

author-image
asomiyapratidin
New Update
মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি গংগুবাই কাঠিয়াবাড়ী, প্ৰথম দিনতেই আয় কৰিলে কোটি কোটি টকা

 বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ আহিবলগীয়া নতুন ছবি 'গাংগুবাই কাঠিয়াবাড়ী'ৰ মুক্তিৰ বাবে অনুৰাগী সকলে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

Advertisment

ইতিমধ্যে ছবি খনৰ ট্ৰেইলৰে মুক্তি লাভ কৰিছে। লগে লগে ছ'চিয়েল মি়ডিয়াত ভাইৰেল হৈ পৰিছে ছবিখনৰ একাংশ দৃশ্যাংশ। একাংশই আলিয়াৰ অভিনয়ৰ প্ৰশংসা কৰিছে আৰু আন একাংশই ট্ৰ'ল কৰিছে।

একাংশৰ মতে গাংগুবাই চৰিত্ৰটোৰ বাবে আলিয়া যোগ্য নহয়। কিন্তু এই কথাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আলিয়াই কয় যে, "মই জানো মই দেখাত শিশুৰ দৰে। মানুহে মই কৰা চৰিত্ৰটো সন্দৰ্ভত যি কৈছে সেয়া হয়তো ঠিকেই ভাৱিছে কিন্তু এই চৰিত্ৰ বাবে যোগ্য নহয় বুলি কোৱাটো ভুল। মই ভাৱো যে হয়তো আন কোনোৱে মোতকৈ ভালদৰে এই চৰিত্ৰত অভিনয় কৰিব নোৱাৰিলেহেতেন"।

উল্লেখ্য যে, "মুম্বাই কুইন অফ ইণ্ডিয়া" নামৰ কিতাপ খনৰ আধাৰত এই ছবিখন নিৰ্মাণ হৈছে। এই ছবিখনত আলিয়া ভাটৰ লগতে অজয় দেৱগনেও অভিনয় কৰিছে। ছবিখন ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব।

alia bhatt bollywood gangubai kathiawadi