মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি গংগুবাই কাঠিয়াবাড়ী, প্ৰথম দিনতেই আয় কৰিলে কোটি কোটি টকা

মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি গংগুবাই কাঠিয়াবাড়ী, প্ৰথম দিনতেই আয় কৰিলে কোটি কোটি টকা

author-image
asomiyapratidin
New Update
মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি গংগুবাই কাঠিয়াবাড়ী, প্ৰথম দিনতেই আয় কৰিলে কোটি কোটি টকা

ডিজিটেল ডেস্ক: ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰে নিৰ্দেশক সঞ্জয় লীলা বঞ্চালীৰ ছবি গাংগুবাই কাঠিয়াবাড়ী।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা আলিয়া ভাটৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে।

Advertisment

উল্লেখ্য যে, ছবিখন এটি প্ৰকৃত চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হৈছিল যদিও গংগুৱাইৰ দুখ ফুটি উঠাত বহু বেছি সক্ষম নহল ছবিখনে। কিন্তু অইনবাৰৰ দৰে এইবাৰো সঞ্জয় লীলা বঞ্চালীৰ ছবি খনৰ ডাইলগ আৰু গানে দৰ্শকক অভিভূত কৰিছে।

শুকুৰবাৰে মুক্তি লাভ কৰা ছবিখনে প্ৰথম দিনটোতেই প্ৰায় ৯ কোটি টকা আয় কৰে.। গংগুৱাই কাঠিয়াবাড়ী ছবিখনৰ বাবে বহুতেই পূৰ্বতেই টিকট বুক কৰি ৰাখিছিল। প্ৰায় ৩ কোটি টকাৰ টিকট বিক্ৰী হৈছিল ছবি মুক্তিৰ পূৰ্বে।

ছবি নিৰ্মাতা সকলে আশা কৰিছে ছবিখনে পৰৱৰ্তী সময়ত আৰু অধিক আয় কৰিবলৈ সক্ষম হ'ব। ছবিখনৰ কাহিনী এগৰাকী মহিলাৰ ওপৰত নিৰ্মাণ সৈতে যিয়ে সৰুতেই মুম্বাইলৈ আহিছিল হিৰোইন হোৱাৰ আশাৰে কিন্তু সেই আশা তেওঁৰ সম্পূৰ্ণ নহ'ল। গংগুৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে এই ছবিত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।

bollywood