/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/Filmmaker-Sanjay-Leela-Bhansali-to-be-interrogated-on-Monday-in-connection-with-actor-Sushant-Singh-Rajputs-death-case.jpg)
ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ কাণ্ডক লৈ এতিয়াও অব্যাহত হৈ আছে চাঞ্চল্য। কেনদৰে এইগৰাকী জনপ্ৰিয় বলিউড অভিনেতাই আত্মহত্যা কৰিলে তাৰ তথ্য কাৰোৰে হাত নাই। তাৰ মাজতে চৰ্চিত হৈছে অভিনেতাগৰাকীয়ে আনৰ আক্ৰোশৰ বলি হৈ আত্মহত্যা কৰিবলগা হৈছে নেকি অভিনেতাগৰাকীয়ে।
তেনে কাৰণতে ইতিমধ্যে বহুতো বলিউডৰ চেলিব্ৰেটিক সোধা-পোচা কৰিছে আৰক্ষীয়ে। সোমবাৰে ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীকো সোধা-পোচা কৰিব আৰক্ষীয়ে। মুম্বাই আৰক্ষীয়ে অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগতে কিছু প্ৰশ্ন কৰি ছবি নিৰ্মাতাগৰাকীক।