এদিনৰ বাবে বলিউড হ’ব গুৱাহাটী! অপেক্ষা ২০২০ৰ ফেব্ৰুৱাৰীলৈ…

এদিনৰ বাবে বলিউড হ’ব গুৱাহাটী! অপেক্ষা ২০২০ৰ ফেব্ৰুৱাৰীলৈ…

author-image
asomiyapratidin
New Update
এদিনৰ বাবে বলিউড হ’ব গুৱাহাটী! অপেক্ষা ২০২০ৰ ফেব্ৰুৱাৰীলৈ…

ফাইল ফটো

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰে সঁচা হ'ল। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিলে- ২০২০বৰ্ষৰ ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ'ব গুৱাহাটীত। উল্লেখযোগ্য যে, সাধাৰণতে মুম্বাইত অনুষ্ঠিত হোৱা বলিউডৰ এই উল্লেখযোগ্য অনুষ্ঠানটি প্রথমবাৰৰ বাবে মায়ানগৰীৰ বাহিৰত অনুষ্ঠিত হ'ব।

Advertisment

এই অনুষ্ঠানত এংকৰ ৰূপত থাকিব বলিউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খান আৰু কৰণ জোহাৰ। সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমৰ সৈতে দ্য টাইম গ্ৰুপৰ বুজাবুজি চুক্তি স্বাক্ষৰ হ'ব অক্টোবৰতে।

ফেব্ৰুৱাৰী, ২০২০ৰ প্রথম সপ্তাহত অনুষ্ঠিত হ'ব লগা এই মেগা ইভেন্টত উপস্থিত থাকিব বলিউডৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী। এই অনুষ্ঠানটোৰ বাবদ ২০-৩০ কোটি টকা ব্যয় কৰিব অসম চৰকাৰৰ পৰ্যটন বিভাগে।

ৰাজ্যৰ পৰ্যটন উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবেই অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই অনুষ্ঠান গুৱাহাটীত আয়োজনৰ দিহা কৰা হৈছে। বিগ বি অমিতাভ বচ্চনো ফিল্ম ফেয়াৰ অনুষ্ঠানটোত উপস্থিত থকাৰ কথা।

উল্লেখযোগ্য যে, দ্য টাইম গ্ৰুপে আয়োজন কৰা এই অনুষ্ঠান প্ৰথম অনুষ্ঠিত হৈছিল ১৯৫৪চনৰ ২১ মাৰ্চত। ২০১৯ বৰ্ষৰ ফিল্ম ফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠান ২৩ মাৰ্চত অনুষ্ঠিত হৈছিল। প্রথমে অনুষ্ঠান আয়োজনৰ বাবে ৰাজ্য চৰকাৰে দেখুওৱা সৰুসজাই ষ্টেডিয়াম আয়োজক কমিটীয়ে প্ৰেৰণ কৰা বিশেষজ্ঞ দলে নাকচ কৰাৰ পাছত গুৱাহাটীত এই অনুষ্ঠান হ'ব নে নহয় তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল।

অনুষ্ঠানত অংশ ল'বলৈ অহা বলিউডৰ তাৰকা অভিনেতা-অভিনেত্ৰীসকল থাকিবলৈ পঞ্চতাৰকাযুক্ত হোটেলৰ অভাৱ আৰু অন্যান্য কাৰণত ফিল্ম ফেয়াৰ অনুষ্ঠান গুৱাহাটীত হ'ব নে নহ'ব তাক লৈ চৰ্চা চলি আছিল যদিও, দ্বিতীয়টো দলে অনুষ্ঠানৰ স্থান আৰু আন্তঃগাঁথনি সন্দৰ্ভত বুজ লোৱাৰ পাছত সেউজ সংকেত প্ৰদান কৰে। তাৰ পাছতেই গুৱাহাটীত ফিল্মফেয়াৰ এৱাৰ্ড ২০২০ অনুষ্ঠিত হোৱাটো নিশ্চিত হ'ল।