‘কালী’ বিবাদিত পোষ্টাৰ, গোচৰ ৰুজু…

‘কালী’ বিবাদিত পোষ্টাৰ, গোচৰ ৰুজু…

author-image
asomiyapratidin
New Update
‘কালী’ বিবাদিত পোষ্টাৰ, গোচৰ ৰুজু…

ডিজিটেল ডেস্ক: ছবি নিৰ্মাতা লীনা মণিমেকলইৰ ডকুমেন্টৰী 'কালী'ৰ পোষ্টাৰৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ পাছতেই  দিল্লী আৰক্ষীৰ আইএফএছঅ ইউনিটে ছবি কালীৰ বিবাদিত পোষ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Advertisment

২ জুলাইত মুক্তি লাভ কৰা এই পোষ্টাৰত মা কালীয়ে ধুমপান কৰা আৰু LGBTQ ৰ পতাকা লোৱা দেখা যায়।এই পোষ্টাৰ কানাডাত আয়োজিত এক প্ৰজেক্ট অণ্ডৰ দ্যা টেন্টত প্ৰদৰ্শিত কৰা হয়।

ইয়াৰ পাছত আৰম্ভ হোৱা বিতৰ্কৰ পাছতেই কানাডস্থিত ভাৰতীয় উচ্চায়োগে এই ঘটনা সন্দৰ্ভত এক বিবৃতি জাৰি কৰে। এই বিবৃতিত কোৱা হৈছে যে কানাডাত বহু হিন্দু নেতাই গোচৰ ৰুজু কৰিছে। ইয়াৰ পাছতেই উচ্চায়োগে সকলো ধৰণৰ বিবাদিত পোষ্টাৰ আঁতৰাই দিবলৈ আহ্বান জনায়।

আৰু পঢ়ক: উৎকট গৰম! শুকুৰবাৰলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱণা…

film