সত্য প্ৰমাণিত হৈছে উৰাবাতৰি ! আমিৰে প্ৰযোজনা কৰা ছবিত দেখা যাব ফাতিমাক

সত্য প্ৰমাণিত হৈছে উৰাবাতৰি ! আমিৰে প্ৰযোজনা কৰা ছবিত দেখা যাব ফাতিমাক

ডিজিটেল ডেস্ক: বিগ স্ক্ৰীণত পুনৰ একেলগে দেখা পোৱা যাব ‘প্ৰেমিক যুগল’ আমিৰ খান আৰু ফাতিমা ছানা শ্বেখক।হয়, আমিৰ খানে শেহতীয়াকৈ তেওঁৰ প্ৰযোজনাত পাঁচখন ছবি নিৰ্মাণ হ'ব বুলি ঘোষণা কৰিছে আৰু ইয়াৰে এখন ছবিত ফাতিমাই আমিৰ খানৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিব।

দীৰ্ঘদিনৰ পৰা আমিৰ খান ফাতিমা ছানা শ্বেখৰ লগত সম্পৰ্কত আছে বুলি চৰ্চা চলি আহিছে।দুয়োয়ে বিবাহ পাশত আবদ্ধ হ'ব বুলিও বহু সময়ত বাতৰি ওলাইছে। উল্লেখ্য যে, আমিৰ খানে ২০২১ চনত তেওঁৰ দ্বিতীয় পত্নী কিৰন ৰাওৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কথা ৰাজহুৱা কৰিছিল আৰু এই সম্পৰ্ক ভঙাৰ মূল কাৰণ আছিল ফাতিমা।ফাতিমাৰ সৈতে আমিৰৰ সম্পৰ্ক ইমানেই গাঢ় হৈছিল যে কিৰন ৰাওয়ে অভিনেতাজনৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে, অভিনেতাজনে এই সকলোবোৰক উৰাবাতৰি আখ্যা দি তেওঁৰ আন কাৰো সৈতে সম্পৰ্ক নাই বুলি স্পষ্ট কৰিছিল।

এগৰাকী শিশু শিল্পীৰ পৰা নামী-দামী অভিনেত্ৰী হোৱা ৩১ বছৰীয়া ফাতিমাই আমিৰ খানৰ ছবি 'দঙ্গল'ৰ জৰিয়তে তেওঁৰ বলীউডৰ যাত্ৰা আৰম্ভ কৰিছিল।ইয়াৰ পিছত দুয়োয়ে পুনৰ একেলগে 'ঠগছ অফ হিন্দুস্তান' নামৰ ছবিখনতো অভিনয় কৰিছে। ফাতিমাই অভিনয় কৰিবলগীয়া আমিৰ খানৰ এই নতুন ছবিখন এখন কৌতুকধৰ্মী ছবি।ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে অদ্বৈত চন্দন।

সত্য প্ৰমাণিত হৈছে উৰাবাতৰি ! আমিৰে প্ৰযোজনা কৰা ছবিত দেখা যাব ফাতিমাক
ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in