অনুৰাগীয়ে পুনৰ তুলা ধুনা দিলে শ্ৰী দেৱীৰ স্বামীক

বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে বলীউডৰ প্ৰখ্যাত ছবি নিৰ্মাতা বনী কাপুৰ।শৰীৰৰ ওজন বহুখিনি কমাই সকলোকে আকৰ্ষিত কৰা বনী কাপুৰ এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে।

author-image
Asomiya Pratidin
New Update
অনুৰাগীয়ে পুনৰ তুলা ধুনা দিলে শ্ৰী দেৱীৰ স্বামীক

ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে বলীউডৰ প্ৰখ্যাত ছবি নিৰ্মাতা বনী কাপুৰ।শৰীৰৰ ওজন বহুখিনি কমাই সকলোকে আকৰ্ষিত কৰা বনী কাপুৰ এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে।যাৰ বাবে অনুৰাগীৰ ৰোষত পৰিছে প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ স্বামী। হয়, অভিনেত্ৰী প্ৰিয়ামণিক অসংযতভাৱে স্পৰ্শ কৰি এতিয়া সমালোচনাৰ পাত্ৰ হৈ পৰিছে বনী কাপুৰ।

Advertisment

প্ৰকৃততে, শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ‘মেইডান’ৰ বিশেষ প্ৰদৰ্শনীত উপস্থিত হওঁতেই ছবিখনৰ নিৰ্মাতা বনী কাপুৰে তেওঁক অসংযতভাৱে কঁকাল, কান্ধত ধৰি ফটোৰ বাবে পজ দিছিল।ইয়াৰ পাছতেই ছ’চিয়েল মেডিয়াত এই ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাত বনী কাপুৰ খুব বেয়াকৈ সমালোচিত হৈছে।বহুতেই তেওঁক উদ্দ্যেশি বিৰূপ মন্তব্য কৰিছে।

ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰী এজনে লেখিছে,  ‘প্ৰিয়মণিৰ দৰে এগৰাকী বিখ্যাত আৰু শক্তিশালী মহিলাই এই মানুহজনৰ ঘৃণনীয় আচৰণ সহ্য কৰিব লগীয়া হৈছে। তেওঁ যুৱ তথা উদীয়মান অভিনেত্ৰীসকলৰ সৈতে ছাগৈ কেনে ব্যৱহাৰ কৰে, তাক কল্পনা কৰিলে আচৰিত লাগে।’

আন এজনে লেখিছে ‘যাৰ নিজৰ দুগৰাকীকৈ কন্যা আছে, তেওঁৰ এনে আচৰণ একেবাৰেই গ্ৰহণযোগ্য নহয়।এয়া সঁচাকৈয়ে বৰ লাজৰ কথা।’ বহুতেই আকৌ এই বিষয়ক লৈ চিন্তিত হৈছে যে, ‘তেওঁ কেমেৰাৰ সন্মুখতে এই আচৰণ কৰে, য'ত কেমেৰা নাথাকে তাত ছাগৈ তেওঁ কেনে আচৰণ কৰে !’

উল্লেখ্য যে, অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ সৈতে এনে অশালীন আচৰণ কৰি ইয়াৰ পূৰ্বেও সমালোচনাৰ সন্মুখীন হৈছিল বনী কাপুৰ।তেওঁ ২০১৯ত এখন বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উৰ্বশী ৰৌতেলাৰ সৈতে একেই আচৰণ কৰিছিল।

Also Read: আপুনিও যদি ওজন হ্ৰাস কৰিবলৈ বিচাৰে এইকেইটা কাম কৰিব