/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/b400484f-a308-4e28-91d3-dcbca4c980b6.jpg)
ডিজিটেল ডেস্কঃ এনেয়ে প্ৰিয় খাদ্য। তাতে আকৌ সন্মুখতে পাইছে, যাবলৈ দিয়ে বা কেনেকৈ! সেয়ে পৰম আনন্দৰে ভক্ষণ কৰাত লাগিল প্ৰিয় খাদ্য। সেই দৃশ্য চাবলৈকে ৰাজপথত ভিৰ কৰিলে বহুতে। বিভিন্নজনে মোবাইল কেমেৰাত বন্দী কৰি আপল'ড কৰিলে ছ'চিয়েল মিডিয়াত। লগে লগে ভাইৰেল হৈ পৰিল সেই দৃশ্য।
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে ট্ৰাকত গৈ থকা দুটা হাতীয়ে আন এখন কুঁহিয়াৰ ভৰ্তি ট্ৰাকৰ পৰা পৰম তৃপ্তিৰে খাইছে কুঁহিয়াৰ। দৰাচলতে দুখন ট্ৰাকত ভৰাই লৈ যোৱা হৈছিল হাতী দুটাক। কিন্তু ৰাজপথত ট্ৰাফিক জামৰ বাবে ৰৈ যাব লগা হয় ট্ৰাক দুখন।
সৌভাগ্যক্ৰমে সেই সময়তে হাতীৰ ট্ৰাক দুখনৰ কাষত ৰৈ যায় এখন কুঁহিয়াৰভৰ্তি ট্ৰাক। তেতিয়া আৰু কোনে পায়… শুৰেৰে আজুৰি মোকোৰা মোকোৰে কুঁহিয়াৰ মুখত ভৰাবলৈ ল'লে হাতী দুয়োটাই।
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সেই দৃশ্য দেখি কোনোৱে লিখিছে- "গজৰাজৰ পাৰ্টী অন দ্য হুইলছ চলিছে।' আন কোনোৱে লিখিছে- 'কুঁহিয়াৰ এনেয়ে হাতীৰ প্ৰিয় খাদ্য। তাকো শৰীৰৰ বাবেও উপকাৰী, ইয়াৰ পৰা হাতীয়ে শক্তি লাভ কৰে। সেয়ে পৰম আনন্দৰে সুস্বাদুৰ আমোদ লৈছে…।' মুঠতে এই ভিডিঅ'ক লৈ ছ'চিয়েল মিডিয়াত মন্তব্য কৰিছে বিভিন্নজনে।
চাওক সেই ভিডিঅ'-
Delicious lunch break 😊
Sugarcane is one of favourite food of elephants. In captivity sugarcane is an integral part of the diet plan. To provide energy. pic.twitter.com/IsjJDQCx2k
— Susanta Nanda IFS (@susantananda3) February 13, 2020