/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/diljit.jpg)
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ জনপ্ৰিয় গায়ক দিলজিৎ ডচাংঝে বুধবাৰে ৩৭ বছৰ বয়সত ভৰি দিয়ে। জন্মদিনৰ উপলক্ষে বহু শুভাংকাক্ষী আৰু অনুৰাগীয়ে শুভেচ্ছা জনাইছে গায়কজনক। উল্লেখ্য যে ,দিলজিত তেওঁৰ নিজৰ গায়কী শৈলীৰ জৰিয়তে জনপ্ৰিয় হোৱাৰ লগতে এজন খুবেই জনপ্ৰিয় অভিনেতাও।
এইবাৰৰ জন্মদিনৰ উপলক্ষে তেওঁৰ পঞ্জাৱৰ মূখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে তেওঁক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী জনে টুইটাৰ যোগে তেওঁক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা বিষয়টো খুবেই চৰ্চিত হৈছে সামাজিক মাধ্যমত।
উল্লেখ্য যে শেহতীয়াকৈ এজন সমাজ সেৱক হিচাপেও চৰ্চিত হৈছে দিলজিতৰ নাম। তেওঁ দিল্লীৰ অব্যাহত থকা কৃষক আন্দোলনকাৰীক খাদ্য বস্ত্ৰৰ লগতে তেওঁলোকৰ পক্ষত থিয় দি কৃষকৰ অধিকাৰৰ বাবে মাত দিয়া ছবিসমূহো খুবেই ভাইৰেল হৈছিল সামাজিক মাধ্যমত।