অসুস্থ বলিউডৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ, ভৰ্তি কৰা হৈছে মুম্বাইৰ হিন্দুজা হাস্পতালত…

অসুস্থ বলিউডৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ, ভৰ্তি কৰা হৈছে মুম্বাইৰ হিন্দুজা হাস্পতালত... বলিউডৰ দিগ্বজ তথা জনপ্ৰিয় জ্যেষ্ঠ অভিনেতা দিলীপ

author-image
asomiyapratidin
New Update
অসুস্থ বলিউডৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ, ভৰ্তি কৰা হৈছে মুম্বাইৰ হিন্দুজা হাস্পতালত…

ডিজিটেল ডেস্কঃ বলিউডৰ দিগ্বজ তথা জনপ্ৰিয় জ্যেষ্ঠ অভিনেতা দিলীপ কুমাৰক দেওবাৰে ভৰ্তি কৰা হয় হাস্পতালত। মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰা হৈছে অভিনেতাগৰাকীক। জানিব পৰা মতে, যোৱা কিছু দিনৰ পৰা তেওঁ উশাহ লোৱাত অসুবিধা পাই আছিল। যাৰ বাবে অৱশেষত দেওবাৰে তেওঁক ভৰ্তি কৰা হয় হাস্পতালত। সাংবাদিকৰ আগত এই কথা জনাই অভিনেতা দিল্পী কুমাৰৰ পত্নী ছায়ৰা বানুৱে। দিলীপ কুমাৰৰ স্বাস্থ্যৰ ওপৰত বৰ্তমান চিকিৎসকৰ এটা দলে দৃষ্টি ৰাখিছে আৰু তেওঁৰ চিকিৎসা চলাই আছে। উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় ৮.৩০ বজাত ভৰ্তি কৰা হয় চিকিৎসালয়ত অভিনেতাগৰাকীক।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ দেওবাৰৰ পৰা দিনৰ ১২ বজালৈ খোলা দোকান-পোহাৰ…

উল্লেখ্য যে, যোৱা মাহতো তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল অসুস্থ হৈ পৰা পাছত। আৰু অৱশেষত তেওঁৰ স্বাস্থ্য উন্নত হোৱাৰ পাছত ৰিলিজ দিয়া হয় চিকিৎসালয়ৰ পৰা। অতি দুখৰ কথা যে , বিগত বৰ্ষত বলিউডৰ এই দিগ্বজ অভিনেতাগৰাকীৰ দুজন ভাতৃ ক্ৰমে অছলম খান আৰু এহছান খান কোৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল।

১৯৪৪চনত এই অভিনেতাগৰাকী কাম কৰিছিল প্রথমখন ছবিত। উক্ত চনত 'জ্বাৰ ভাটা' নামৰ ছবি খনৰ জৰিয়তে তেওঁ ভৰি থৈছিল বলিউডৰ জগত খনত। তাৰপাছত এখনৰ পাছত আনখন হিট ছবি আৰু নিজৰ অভিনয়ৰ শৈলীৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয় অভিনেতাগৰাকী। জ্বাৰ ভাটাৰ পাছত তেওঁ মুগল-এ-আজম, দেৱদাস, নয়া দৌৰ, ৰাম আৰু শ্যামৰ দৰে বহু ছুপাৰ হিট ছবিত অভিনয় কৰে।

উল্লেখ্য যে, দিলীপ কুমাৰ নামে বিশ্বজুৰি খ্যাতি লাভ কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম মহম্মদ ইউছুফ খান। ১৯২২ চনৰ ১১ ডিচেম্বৰত জম্ম গ্ৰহণ কৰা অভিনেতাগৰাকীক ১৯৯১চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। তাৰপাছত ২০১৫চনত তেওঁক সন্মানিত কৰা হয় পদ্মবিভূষণ সন্মানেৰে।