/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/amitav.jpg)
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বিগ বি অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ এখন ফটো। ফটোখনত পিতা-পুত্ৰই এটা মৃতদেহ লৈ যোৱা দেখা গৈছে। লগতে ফটোখনৰ তলত লিখা হৈছে এনেদৰে।

ফেচবুক আৰু টুইটাৰত ভাইৰেল হোৱা এই ফটোখনক লৈ কেপচন দিয়া হৈছে যে, অভিতাভ বচ্চনৰ ঘৰত ৪০ বছৰে কাম কৰা এজন লোকৰ মৃতদেহ অন্তিম সৎকাৰৰ বাবে এনেদৰে লৈ গৈছে অভিষেক-অমিতাভে। যোৱা ২৭ জুন অথাৎ বুধবাৰে লোকজনৰ মৃত্যু হৈছে বুলিও কোৱা হৈছিল পোষ্টটোত। কিন্তু এইখবৰ সম্পূৰ্ণ সত্য নহয়।
দৰাচলতে এই ফটোখন ৮ জুনৰে। ভাইৰেল হোৱা ফটোখনৰ মৃতদেহটো আচলতে কোনো কাম কৰা মানুহৰ নহয়। এসময়ৰ অভিতাভ বচ্চনৰ ব্যক্তিগত সচিব তথা প্ৰযোজক শীতল জৈনৰহে। যোৱা ৪০ বছৰ ধৰি অভিতাভৰ সৈতে সু সম্পৰ্ক আছিল জৈনৰ।

/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us