/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/412194-dia-shahil.jpg)
ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী দীয়া মিৰ্জাৰ বিবাহ বিচ্ছেদ। অভিনেত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়াযোগে কৰিছে এই ঘোষণা। ৪ বছৰীয়া বৈবাহিক সৰ্ম্পকৰ অন্ত পেলাই এক নতুন জীৱন আৰম্ভ কৰাৰ কথা মিৰ্জাই নিজৰ ইষ্টাগ্ৰাম একাউন্টৰ যোগে সদৰি কৰিছে। দুয়োপক্ষৰ সহমতি যোগেদিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰে দীয়া মিৰ্জাই।
স্বামী ছাহিল সঙ্ঘাৰ সৈতে ৪ বছৰীয়া বৈবাহিক সম্পৰ্কৰ ছেদ কৰি দীয়া মিৰ্জাই ইষ্টাগ্ৰামত লিখিছে এনেদৰে- আমি দয়ো আলোচনা কৰিয়েই লৈছো এই সিদ্ধান্ত লৈছো। ভৱিষ্যতে আমি ভাল বন্ধুৰ দৰে থাকিম আৰু এজনে আনজনক উচিট সন্মান দি যাম। যদিও এতিয়াৰে পৰা আমি জীৱন বাটত পৃথক হৈ যাম, কিন্তু আমি একেলগে কটোৱা সময়বোৰ সদায় মনত ৰাখিম। উল্লেখ্য যে, ২০১৪ চনৰ অক্টোবৰত বিবাহপাশত আৱদ্ধ হৈছিল দীয়া মিৰ্জা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us