জেললৈ জেকলিন !

জেললৈ জেকলিন !

কাইলৈ ৰায় দিব আদালতে

ডিজিটেল ডেস্ক : ঠগ তথা প্ৰৱঞ্চক ব্যৱসায়ী সুকেশ চন্দ্ৰশেখৰৰ সৈতে থকা সম্পৰ্কৰ বাবে এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে বলীউডৰ আগশাৰীৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজে।সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটী টকাৰ ‘মানি লণ্ডাৰিং’ গোচৰ সন্দৰ্ভত আজি পাটিয়ালা হাউছ আদালতত জেকলিনৰ নিয়মীয়া জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ সময়ত আদালতত জেকলিন ফাৰ্ণাণ্ডেজে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ই ডি)ৰ বিৰুদ্ধে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁৰ বিৰুদ্ধে থকা সকলো অভিযোগ একেবাৰেই ভিত্তিহীন বুলি প্ৰকাশ কৰিছে।

জেকলিনে আদালতত জনোৱা মতে, তেওঁৰ কামৰ সন্দৰ্ভত সঘনাই বিদেশলৈ অহা-যোৱা কৰি থাকিবলগীয়া হয়।য’ত ই ডি য়ে তেওঁক বাৰুকৈয়ে হাৰাশাস্তি ভোগাইছে।এই সন্দৰ্ভত তদন্তকাৰী সংস্থাটোক অৱগত কৰাৰ পাছতো কোনো সঁহাৰি নোপোৱাৰ বিষয়েও অভিনেত্ৰীগৰাকীয়ে আজি আদালতত অৱগত কৰে।এই গোচৰটোৰ তদন্তত সম্পূৰ্ণকৈ সহযোগিতা আগবঢ়াইছে বুলিও তেওঁ আদালতত জানিবলৈ দিয়ে।

আনহাতে, প্ৰমাণৰ সন্মুখীন হোৱাৰ বাবেহে জেকলিনে মুখ খুলিছে বুলি আদালতত অৱগত কৰে  ই ডি অধিবক্তাই।অৰ্থনৈতিক অপৰাধত জড়িত অভিযুক্তসকলে দেশৰ ক্ষতি কৰাৰ পিছত দেশৰ পৰা পলাই যোৱাৰ উদাহৰণ দি ই ডিয়ে আদালতত উল্লেখ কৰা মতে, ২০২১ চনৰ ডিচেম্বৰ মাহত জেকলিনেও দেশ এৰি পলাই যাবলৈ চেষ্টা কৰিছিল।

ইফালে, পৰ্যাপ্ত প্ৰমাণ থকাৰ পাছতো অভিনেত্ৰীগৰাকীক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি আদালতে ই ডিক প্ৰশ্ন উত্থাপন কৰে।এই গোচৰটোৰ শুনানি আজি সম্পূৰ্ণ হৈছে যদিও আদালতে ৰায়টো কাইলৈৰ বাবে সংৰক্ষিত ৰাখিছে।

উল্লেখ্য যে, ঠগ সুকেশ চন্দ্ৰশেখৰ বৰ্তমান তিহাৰ জেলৰ আলহী।কেইদিনমান পূৰ্বে জেলৰ পৰাই লেখা এখন চিঠিত সুকেশে জেকলিনৰ তেওঁ সম্পৰ্কৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰাৰ লগতে জেকলিন তথা তেওঁৰ পৰিয়ালক দিয়া সকলো দামী উপহাৰ তেওঁৰ কষ্ট উৰ্পাজিত ধনৰে দিয়া বুলিও উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in