/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/8a5eb6a4-cdc9-4780-8b6f-0ad992e89671.jpg)
ডিজিটেল ডেস্কঃ ১০ জানুৱাৰীত ছবিঘৰলৈ আহিব দীপিকা পাডুকনৰ বহু প্ৰত্যাশিত ছবি ছপাক (Chhapaak)। মুক্তিৰ পূৰ্বেই ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছে। এছিড আক্ৰমণৰ বলি এগৰাকী যুৱতীৰ বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনক মধ্যপ্ৰদেশ আৰু চত্তীশগড় চৰকাৰে কৰ মুক্ত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
दीपिका पादुकोण अभिनीत ऐसिड अटैक सर्वाइवर पर बनी फ़िल्म "
छपाक " जो 10 जनवरी को देश भर के सिनेमाघरों में रिलीज़ हो रही है , को मध्यप्रदेश में टैक्स फ़्री करने की घोषणा करता हूँ।
1/2
— Kamal Nath (@OfficeOfKNath) January 9, 2020
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে ইতিমধ্যে টুইটাৰযোগে এই ঘোষণা কৰি কয়, ১০ জানুৱাৰীত মুক্তি পাব লগা দীপিকা পাডুকনৰ ছবি 'ছপাক' মধ্যপ্ৰদেশত টেক্স ফ্ৰী হিচাপে ঘোষণা কৰিলো।' উল্লেখ্য যে, ছবিখনত দীপিকা পাডুকনে এছিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ চৰিত্ৰ ৰূপায়ন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us