পত্নী দীপিকাৰ প্ৰশংসাত পঞ্চমূখ ৰণবীৰ সিং

সম্পৰ্ক এতিয়াও বহু শক্তিশালী: দিলে স্পষ্টীকৰণ

author-image
Asomiya Pratidin
New Update
পত্নী দীপিকাৰ প্ৰশংসাত পঞ্চমূখ ৰণবীৰ সিং

ডিজিটেল ডেস্ক: সকলোৰে সপোনৰ ৰাণী দীপিকা পাডুকন ঘৰত এগৰাকী সাধাৰণ গৃহিণী।ঘৰৰ সকলো কাম-কাজেই অতি নিখুঁটভাৱে কৰিব পাৰে দীপিকাই।ব্যস্ততাৰ অন্তত তেওঁ যিখিনি সময় পায়,সেইখিনি সময় ঘৰখন সজাই-পৰাই ৰাখি পৰিয়ালৰ লগত সময় কটায়।এয়া পিছে আমি কোৱা কথা নহয়।শেহতীয়া এক সাক্ষাৎকাৰত এইদৰেই দীপিকাৰ গুণ বখানিলে স্বামী অভিনেতা ৰণবীৰ সিঙে।

Advertisment

আনহাতে, সময়ে সময়ে তেওঁলোকৰ সম্পৰ্কক কেন্দ্ৰ কৰি চলি থকা চৰ্চা সন্দৰ্ভতো স্পষ্ট কৰে ৰণবীৰে।তেওঁ কয়-’আমাৰ সম্পৰ্কত ফাঁট মেলা বুলি চৌদিশে উৰি ফুৰা খবৰে আমাক বৰ দুখ দিয়ে। আমাৰ সম্পৰ্ক অতি শক্তিশালী।যেতিয়াই সময় পাওঁ তেতিয়াই আমি ইজনে সিজনক সময় দিওঁ।’ সাক্ষাৎকাৰটোত ৰণবীৰে তেওঁলোকৰ নতুন ঘৰটোৰ বিষয়েও অনুৰাগীক অৱগত কৰে।তেওঁ কয়, ‘দীপিকাই আমাৰ সপোনৰ ঘৰটোৰ বাবে সকলো কৰি আছে।এই ঘৰটো আমি দুয়ো মিলি কিনিছো।আমি দুয়োয়ে শান্ত পৰিৱেশ ভাল পাঁও কাৰণে আমাৰ নতুন ঘৰটো চহৰৰ পৰা কিছু নিলগত কিনিছো।বিয়াৰ পাছৰে পৰা মই দীপিকাৰ ঘৰতে আছো। অতি সোনকালেই আমি দুয়ো আমাৰ নতুন ঘৰৰ বাসিন্দা হম।’

Also Read: কি কৰিলে বাবু ৰাওৱে! থানাত হাজিৰ হ'বলৈ জৰুৰী চমন কলকাতা আৰক্ষীৰ

২০১০ চনত ‘বেণ্ড বাজা বাৰাট’ ছবিৰে বলীউডত প্ৰৱেশ কৰি দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰা ৰণবীৰ সিং সম্প্ৰতি তেওঁৰ মুক্তিৰ অপেক্ষাত থকা ছবি ‘চাৰ্কাছ’ৰ কামত ব্যস্ত।২৩ ডিচেম্বৰত মুক্তি পাবলগীয়া ‘চাৰ্কাছ’ৰ পৰিচালনা ৰোহিত ছেট্টীৰ।এই ছবিখনত এটা বিশেষ চৰিত্ৰত দীপিকা পাডুকনেও অভিনয় কৰিছে।আগন্তুক বৰ্ষত ‘ৰকী অ’ৰ ৰাণী কি প্ৰেম কাহানী’ নামৰ আন এখন ছবিতো দৰ্শকে এইজন অভিনেতাৰ অভিনয়ৰ যাদু উপভোগ কৰিব পাৰিব।আনহাতে, ‘ডিম্পল গাৰ্ল’ দীপিকাক বহুচৰ্চিত ছবি ‘পাঠান’ত শ্বাহৰুখ খানৰ বিপৰীতে দৰ্শকে দেখিবলৈ পাব।আগন্তুক বৰ্ষৰ ২৫ জানুৱাৰীত সিদ্ধাৰ্থ আনন্দ পৰিচালিত একশ্যন ছবি ‘পাঠান’য়ে দেশজুৰি মুক্তিলাভ কৰিব।

Bollywood superstar bollywood bollywood actress Ranveer Singh