/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/salman-khan-show-bigg-boss-13-debolina-bhattacharya-will-be-first-queen-644x362.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছ, চিজন-১৩ৰ পৰা অসমবাসীৰ বাবে আহিব পাৰে এটা বেয়া খবৰ। অসমৰ জীয়াৰী দেৱলিনা ভট্টাচাৰ্যই অচিৰেই বিদায় লব পাৰে ৰিয়েলিটি শ্ব'টোৰ পৰা। বিগ বছ ৰিয়েলিটি শ্ব'টোৰ ফালৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও ইতিমধ্যে এই খবৰে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।
Bigg Boss Khabari য়ে জানিবলৈ দিয়া মতে, বিগ বছত থকা দেৱলীনা বৰ্তমান প্ৰচণ্ড পিঠিৰ বিষত ভুগি আছে। চিকিৎসকে দেৱলীনাক সম্পূৰ্ণৰূপে আৰাম কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে। গতিকে স্বাস্থ্যৰ দিশলৈ মন কৰি দেৱলীলাই অচিৰেই বিগ বছক দিব পাৰে বিদায়। কিন্তু ৰিয়েলিটি শ্ব'টোৰ ফালৰ পৰা এই বিষয়ৰ সন্দৰ্ভত কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই।