অজয় দেৱগণৰ আজৱ প্ৰেম কাহিনীক আদৰিছে দৰ্শকে…

অজয় দেৱগণৰ আজৱ প্ৰেম কাহিনীক আদৰিছে দৰ্শকে…

author-image
asomiyapratidin
New Update
অজয় দেৱগণৰ আজৱ প্ৰেম কাহিনীক আদৰিছে দৰ্শকে…

ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে মুক্তি পাইছিল হিন্দী ছবি দে দে প্যাৰ দে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অজয় দেৱগণ আৰু তাবুয়ে। মুক্তিৰ ৩ দিনৰ অন্তত ছবিখনে দৰ্শক যথেষ্ট সহাঁৰি পাবলৈ সক্ষম হৈছে। ছবিখনে মুক্তিৰ দিনাই ১০.৪১ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে শনিবাৰে ১৩.৩৯ কোটি আৰু দেওবাৰে উপাৰ্জন কৰে ১৪ কোটি টকা। ৩ টা দিনৰ অন্তত ছবিখনে ৩৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষত এই ছবিখন ৩১০০ খন স্কীণত মুক্তি দিয়াৰ বিপৰীতে সমগ্ৰ বিশ্বত ৩৭৫০ খন স্কীণত মুক্তি দিয়া হৈছিল।