ভাইজানৰ ছবি মানেই হিট! দাবাংগ-৩ৰ প্ৰৱেশ ১০০ কোটিৰ ক্লাৱত…

ভাইজানৰ ছবি মানেই হিট! দাবাংগ-৩ৰ প্ৰৱেশ ১০০ কোটিৰ ক্লাৱত…

author-image
asomiyapratidin
New Update
ভাইজানৰ ছবি মানেই হিট! দাবাংগ-৩ৰ প্ৰৱেশ ১০০ কোটিৰ ক্লাৱত…

ডিজিটেল ডেস্কঃ যোৱা ২০ ডিচেম্বৰত দেশৰ ছবিঘৰত মুক্তি পোৱা হিন্দী ছবি দাবাংগ-৩য়ে প্ৰৱেশ কৰিছে ১০০ কোটিৰ ক্লাৱত। চলমান খান, সোণাক্ষী সিনহা, ছই মাঞ্জেকাৰ, সুদীপ কিচ্চা আৰু আৰৱাজ খানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনৰ পৰিচালক আছিল প্ৰভুদেৱা। দাবাংগৰ দুটা চিৰিজৰ দৰে তৃতীয়টো চিৰিজকো দৰ্শকে আদৰি লোৱাৰ বাবে টুইটাৰযোগে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছে ছবিখনৰ পৰিচালক আৰু অভিনেতাসকলে।

Advertisment

দাবাংগ-৩ মুক্তিৰ দিনাই উপাৰ্জন কৰিছিল ২৪.৫০ কোটি টকা। বৰ্তমানৰ লৈকে ১০৩.৮৫ কোটিৰ টকাৰ ব্যৱসায় কৰিছে ছবিখনে। দেশত নাগৰিকত্ব সংশোধনী আইনক লৈ চলা প্ৰতিবাদৰ মাজতে ছবিখন মুক্তি দিওতে ব্যৱসায়ৰ দিশটোত যথেষ্ট প্ৰভাৱ পৰিব বুলি ভৱা হৈছিল যদিও বৰ্তমান উপাৰ্জনৰ ক্ষেত্ৰত আশাব্যঞ্জকভাৱে আগবাঢ়িছে।