/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/2bdfe880-099a-4531-bf96-d485611869cf.jpg)
ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাখনো ৰাজ্যত শিক্ষানুষ্ঠানসমূহৰ লগতে চিনেমা হ'ল, জিম আদিৰো বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। এই সকলো ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বলিউদৰ কলা-কৌশলী সকলেও দেওবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
দেওবাৰে মুম্বাইত পৰিচালক, অভিনেতা-অভিনেত্ৰীসকলোৱে একলগ হৈ মিলিত হয় এক বৈঠকত। এই বৈঠকতে সিদ্ধান্ত লোৱা হয় যে, অহা ৩১ মাৰ্চৰ লৈকে চিনেমাৰ লগতে কোনো চিৰিয়েল, ৱেব চিৰিজৰ শ্বুটিং কৰা নহয়। কেইবাটাও ছবি প্ৰযোজনা কৰা প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে এই বৈঠকৰ সিদ্ধান্ত সমৰ্থন কৰি সকলো ছবিৰ কাম ৩১ মাৰ্চৰ পিছতহে আৰম্ভ কৰা হ'ব বুলি সংবাদ মাধ্যমক জনায়।