/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/b6aa46d0-d0c5-4747-b36e-e9f1c0512ba6.jpg)
ডিজিটেল ডেস্কঃ বিৰ্তক-বিবাদক একাষৰীয়া কৰি ছবিগৃহত সগৌৰৱেৰে চলি আছে দীপিকা পাডুকন অভিনীত ছবি ছপাক। মুক্তিৰ ৯ টা দিনৰ অন্তত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ৩৩ কোটি টকা। ৩৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ছবিখনৰ উপাৰ্জন সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ছবিখনে যোৱা শনিবাৰে উপাৰ্জন কৰিছে প্ৰায় ৩ কোটি টকা। উল্লেখ্য যে, এছিড আক্ৰমণৰ বলি হোৱা এগৰাকী যুৱতীৰ বাস্তৱ জীৱনৰ ওপৰত নিৰ্মাণ কৰা ছবিখন কেইবাখনো ৰাজ্যত টেক্স ফ্ৰী কৰিছে ৰাজ্য চৰকাৰে।