লকডাউনঃ ম্লান পৰিছে ৰঙালী বিহুৰ উছাহ, জাতি-ধৰ্ম নিৰ্বিশেষে ঘৰতেই উদযাপন বিহু,VIDEO

লকডাউনঃ ম্লান পৰিছে ৰঙালী বিহুৰ উছাহ, জাতি-ধৰ্ম নিৰ্বিশেষে ঘৰতেই উদযাপন বিহু,VIDEO

author-image
asomiyapratidin
New Update
লকডাউনঃ ম্লান পৰিছে ৰঙালী বিহুৰ উছাহ, জাতি-ধৰ্ম নিৰ্বিশেষে ঘৰতেই উদযাপন বিহু,VIDEO

ডিজিটেল সংবাদ, চেঙাঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে এইবাৰ ৰঙালী বিহুৰ আনন্দ ম্লান হৈ পৰিছে যদিও জাতি-ধৰ্ম নিৰ্বিশেষে হেঁপাহৰ ৰঙালী বিহুটিত যেন এপাক ননচাকৈ থাকিব নোৱাৰে অসমীয়াই। বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াতো দেখা গ'ল বিহুৰ পৰিবেশ।

Advertisment

মাহফুজা বিলকিছ, ফাৰিফা ইয়াছমিন আৰু মিজানুল হকে চোতালতে এপাক নাচি আনন্দ উছাহত বিলীন হৈছে। জাতি-ধৰ্ম নিৰ্বিশেষে পৰম্পৰা ৰক্ষা কৰি এইবাৰ উদযাপিত হৈছে ৰঙালী বিহু। ঘৰত থাকিয়ে সামাজিক দূৰত্ব বজাই ৰাখি আটাইয়ে উদযাপন কৰিছে বিহু।