ড্ৰীম গাৰ্লে বুটলিছে দৰ্শকৰ সমাদৰ…

ড্ৰীম গাৰ্লে বুটলিছে দৰ্শকৰ সমাদৰ…

author-image
asomiyapratidin
New Update
ড্ৰীম গাৰ্লে বুটলিছে দৰ্শকৰ সমাদৰ…

ডিজিটেল ডেস্কঃ এটা ব্যতিক্ৰমী কাহিনীৰে যোৱা ১৩ ছেপ্তেম্বৰত মুক্তি পোৱা হিন্দী চবি ড্ৰীম গাৰ্লে বুটলিছে দৰ্শক সমাদৰ। বিগত ২ টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিছে প্ৰায় ২৬.৪৭ কোটি টকা। ছবিখনে মুক্তিৰ দিনা ১০.০৫ কোটি আৰু যোৱা শনিবাৰে ১৬.৪২ কোটি টকা উপাৰ্জন কৰিছে।

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুৰানাই। ৰাজ চাণ্ডিৱালাৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনৰ বাজেট প্ৰায় ৩০ কোটি। একতা কাপুৰৰ প্ৰযোজনাৰ ছবিখনৰ আটাইকেইটা গীতকো আদৰি লৈছে দৰ্শকে। ছবি বিশ্লেষকসকলৰ মতে ছবিখনলৈ দৰ্শকৰ সহাঁৰি বিগত দিনত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।