শুকুৰবাৰে বৰনদী ভটিয়াবলৈ ৰাজ্যৰ ছবিগৃহলৈ আহি আছে ১৩০ গৰাকী অভিনেতা-অভিনেত্ৰী

শুকুৰবাৰে বৰনদী ভটিয়াবলৈ ৰাজ্যৰ ছবিগৃহলৈ আহি আছে ১৩০ গৰাকী অভিনেতা-অভিনেত্ৰী

author-image
asomiyapratidin
New Update
শুকুৰবাৰে বৰনদী ভটিয়াবলৈ ৰাজ্যৰ ছবিগৃহলৈ আহি আছে ১৩০ গৰাকী অভিনেতা-অভিনেত্ৰী

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে ৰাজ্যৰ ছবিগৃহত মুক্তি পাব অসমীয়া ছবি "বৰনদী ভটিয়ায়"। প্ৰায় ১৩০ গৰাকী অভিনেতা- অভিনেত্ৰীয়ে একেলগে অভিনয় কৰা ছবিখনক লৈ আশা প্ৰকাশ কৰিছে প্ৰযোজক তথা পৰিচালক অনুপম কৌশিক বৰাই। ইতিমধ্যে দেশৰ বাহিৰতো প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ছবিখন উপভোগ কৰাৰ বাবে ৰাজ্যৰ বহুকেইটা ছবিগৃহত অগ্ৰিম টিকট ক্ৰয় কৰিছে বহু সংখ্যক দৰ্শকে। মাজুলীৰ জনসাধাৰণৰ জীৱন গাথাঁক লৈ নিৰ্মিত ছবিখনে ইতিমধ্যে মুম্বাইৰ "জিঅ' মামী ফিল্ম ফেষ্টিভেল- ২০১৮'' আৰু গুৱাহাটীৰ "ব্ৰহ্মপুত্ৰ উপত্যকা ছবি মহোৎসৱ- ২০১৮''ত প্ৰদৰ্শিত ছবিখনে দৰ্শকৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

মাজুলীৰ অন্যতম নাট্যগোষ্ঠী "ভাৱৰীয়া-দ্যা টি পজিটিভ"ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাৰ সংগীত পৰিচালনাৰে ইতিমধ্যে মুক্তি দিয়া আটাইকেইটা গীতে জনপ্ৰিয়তা লাভ কৰিছে। মাজুলীৰ প্ৰথমজন এনএছডিয়ান অনুপম কৌশিক বৰাৰ সৃষ্টি ''বৰনদী ভটিয়ায়"ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ডৰথী ভৰদ্বাজ, কেনী দেউৰী বসুমতাৰী, অনুপম কৌশিক বৰা, কৌশিক নাথ, হিমাংশু গগৈ, সোণমণি শৰ্মা, দিগন্ত কোৱঁৰ, পলাশ মেছ, ৰাজীৱ নাথ, ভাস্কৰ বৰুৱা, মণিষা ভুঁঞা, গুণমণি বৰুৱা, হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰুৱাসহ প্ৰায় ১৩০ গৰাকী অভিনেতা-অভিনেত্ৰীয়ে৷

ইফালে ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে৷ ছবিখনৰ সম্পাদনা কৰিছে ৰন্টু চেতিয়াই৷ ঠিক তেনেদৰে শব্দ অভিকল্প দেৱজিত গায়নৰ। ছবিখনৰ কাৰ্যবাহী প্ৰযোজক স্তুতি জ্যোৎস্না শইকীয়া আৰু মুখ্য সহকাৰী পৰিচালক হিমাংশু নাথ, অৰিন্দম কাশ্যপ, ৰক্তিম কমল বৰা, ভাৰ্গৱ অধ‍্যাপক, অবিনাশ ভূঞা আৰু উদ্দীপন দত্ত।

ছবিখনক লৈ পৰিচালক, কলা-কুশলী সকলৰ লগতে মাজুলীবাসী ৰাইজেও অত‍্যন্ত আশাবাদী বুলি প্ৰকাশ কৰিছে। মাজুলীৰ এক প্ৰেম কাহিনীৰ ওপৰত নিৰ্মিত ছবিখন মুক্তিপাবলগীয়া ছবিগৃহকেইটা হৈছে-