একেখন ছবিত কিংগ খান আৰু পুত্ৰ আৰ্য়ান! দৰ্শকৰ অপেক্ষা ১৯ জুলাইলৈ… VIDEO

একেখন ছবিত কিংগ খান আৰু পুত্ৰ আৰ্য়ান! দৰ্শকৰ অপেক্ষা ১৯ জুলাইলৈ… VIDEO

author-image
asomiyapratidin
New Update
একেখন ছবিত কিংগ খান আৰু পুত্ৰ আৰ্য়ান! দৰ্শকৰ অপেক্ষা ১৯ জুলাইলৈ… VIDEO

ডিজিটেল ডেস্কঃ ২০১৬ত মুক্তি লাভ কৰা 'দ্য জংগল বুক'-এ দৰ্শকৰ হৃদয় জিনাৰ পাছত চলিত বৰ্ষৰ জুলাই মাহত মুক্তি পাব ৱাল্ট ডিজনীয়ে নিৰ্মাণ কৰা 'দ্য লায়ন কিংগ'। ইংৰাজীৰ লগতে হিন্দী ভাষাতো মুক্তি পাব লগা এই ছবিখনত শুনিবলৈ পোৱা যাব বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰ্য়নৰ কণ্ঠ।

এই এনিমেটেডে ছবিখনত 'মুফাছা' চৰিত্ৰটোৰ হৈ শুনিবলৈ পোৱা যাব অভিনেতাগৰাকীৰ কন্ঠ। আৰু তেওঁৰ পুত্ৰ আৰ্য়ানে 'ছিমবা'ৰ হৈ দান কৰিছে নিজৰ কন্ঠ। উল্লেখ্য যে, হলিউডৰ এই ছবিখন ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ছবিগৃহত অহা ১৯ জুলাইত মুক্তি লাভ কৰিব। এই ছবিখন চাবলৈ ভাৰতীয় দৰ্শকসকলে অপেক্ষা কৰাৰ আন এক কাৰণ হৈছে পোন প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খান আৰু পুত্ৰ আৰ্য়ানে একেলগে কোনো এখন ছবিত একেলগে কাম কৰিছে।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ জীৱনতএই ছবিখনৰ গুৰুত্ব সন্দৰ্ভত কয়- 'এই ছবিখনৰ কাহিনীয়ে বহু কথা শিকাইছে। এই ছবিখনমোৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ছবিখনত 'সম্বন্ধ'ৰ গুৰুত্ব ভালদৰে দাঙি ধৰা হৈছে।প্ৰায়ভাগ সময়ত দেখা যায় যে, যেতিয়া সন্তান লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰে, তেতিয়াতেওঁলোকে অভিভাৱকে দিয়া উপদেশক আওকাণ কৰে। কিন্তু সেইবোৰৰ মূল্য তেতিয়াহে বুজিপায়, যেতিয়া তেওঁলোকৰ কাষত পিতৃ-মাতৃ নাথাকে।'

অভিনেতা শ্বাহৰুখ খানে লগতে কয়- 'এইছবিখনৰ কাহিনীত দেখিবলৈ পোৱা যাব যে, পিতৃ-মাতৃৰ কথা শুনা আৰু তাৰ গুৰুত্বক বুজিপোৱাটো কিমান প্ৰয়োজনীয়। ছবিখনৰ দ্বাৰা শিকিবলৈ পায় যে, অভিভাৱকে দিয়া শিক্ষাকেতিয়াও পাহৰিব নোৱাৰি। আৰু ময়ো ব্যক্তিগতভাৱে এই কথাৰে সন্মত। মোক শৈশৱকালতমা-দেউতাই যিবোৰ কথা শিকাইছিল তাৰ অৰ্থ এতিয়া মই বুজি পাওঁ। কিন্তু সেই সময়ত মই এইকথাবোৰ বুজি পোৱা নাছিলো।'