জন আব্ৰাহামক চেৰাই অক্ষয় কুমাৰ আগত…

জন আব্ৰাহামক চেৰাই অক্ষয় কুমাৰ আগত…

author-image
asomiyapratidin
New Update
জন আব্ৰাহামক চেৰাই অক্ষয় কুমাৰ আগত…

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ দিনাই দেশৰ ছবিঘৰত মুক্তি পাইছিল ২ খন ছবি। এখন অক্ষয় কুমাৰ অভিনীত মিছন মংগল আৰু আনখন আছিল জন আব্ৰাহামৰ বাটলা হাউছ। সমালোচক সকলে ধাৰণা কৰাৰ ধৰণেই দুয়োখন ছবিব মাজত বক্স অফিচত তীব্ৰ প্ৰতিন্বন্দ্বিতা হয় যদিও এই যুঁজত শেষ হাঁহি মাৰে মিছন মংগলে।

মুক্তিৰ প্ৰথম দিনটোতে মিছন মংগলে উপাৰ্জন কৰে ২৯.১৬ কোটি টকা। ইয়াৰ বিপৰীতে বাটলা হাউছে উপাৰ্জৱ কৰিবলৈ সক্ষম হয় ১৪.৫০ কোটি টকা। বক্স অফিচৰ দ্বিতীয় দিনাৰ যুঁজতো পৰাজয় হয় বাটলা হাইছৰ। দ্বিতীয় দিনা ছবি মিছন মংগলে উপাৰ্জন কৰে ১৭.২৮ কোটি টকা আৰু বাটলা হাউছে উপাৰ্জন কৰে মাত্ৰ ৭.২৫ কোটি টকা। দুটা দিনৰ অন্তত মিছন মংগলে ৪৬.৪৪ কোটি উপাৰ্জন কৰাৰ বিপৰীতে বাটলা হাউছে ২ দিনৰ অন্তত উপাৰ্জন কৰে ২১.৭৫ কোটি টকা।