কি ৰোগত আক্ৰান্ত আপোনাৰ প্ৰিয় তাৰকাজন, আজি জানি লওঁক

কি ৰোগত আক্ৰান্ত আপোনাৰ প্ৰিয় তাৰকাজন, আজি জানি লওঁক

ডিজিটেল ডেস্ক: তাৰকা আৰু অনুৰাগী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিহে।অনুৰাগীক সন্তুষ্ট কৰিবলৈকে দিনে-ৰাতিয়ে কামত ব্যস্ত হৈ থাকে আমাৰ সকলোৰে প্ৰিয় ছবিজগতৰ নামী-দামী তাৰকাসকল।কিন্তু দৰ্শকৰ আগত প্ৰদৰ্শন নকৰাকৈয়ে আমাৰ প্ৰিয় বহুকেইজন তাৰকাই সমান্তৰালভাৱে চলাই নিছে জীৱনৰ আন এখন ‘নাটক’। হয়, আপোনাৰ, মোৰ তথা আমাৰ সকলোৰে প্ৰিয় বহুকেইজন বলীউডী তাৰকাই স্বাস্থ্যৰ গুৰুতৰ সমস্যাৰ সৈতে যুঁজ দিছে। 

দীপিকা পাডুকোনৰ পৰা সামান্থা ৰুথ প্ৰভু, ছলমান খানৰ পৰা ৰজনীকান্তলৈকে, বহু অভিনেতাই বিগত বছৰবোৰত তেওঁলোকৰ স্বাস্থ্যৰ বহু জটিল সমস্যাৰ সৈতে যুঁজ দিলে। 

হৃত্বিক ৰোশন

সৰুতে হৃত্বিক ৰোশনে ভালদৰে কথা ক’ব পৰা নাছিল।পাছত তেওঁ মেৰুদণ্ডৰ ষ্টেনোচিছত আক্ৰান্ত বুলি ধৰা পৰে । ই এটা অতি ভয়াৱহ ৰোগ। এইটো ৰোগত মেৰুদণ্ড বেঁকা হৈ যোৱাৰ এশ শতাংশই সম্ভাৱনা থাকে। হৃতিকৰ এই গুৰুতৰ সমস্যাৰ বাবে এক অতি জটিল অস্ত্ৰোপচাৰ কৰিব লগীয়া হৈছিল।বৰ্তমান অভিনেতাজন সুস্থ যদিও এই ৰোগে বোলে তেওঁক মাজে মাজে বৰ কষ্ট দিয়ে।

সামান্থা ৰুথ প্ৰভু

দক্ষিণৰ চুপাৰষ্টাৰ সামান্থা ৰুথ প্ৰভু ২০১২ চনত পলিমৰ্ফছ লাইট ইনচুৱেচন নামৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে। এই ৰোগত আক্ৰান্ত হ’লে মানুহ সূৰ্যৰ পোহৰৰ প্ৰতি অতি সংবেদনশীল হৈ পৰে।

ৰজনীকান্ত

ভাৰতৰ ছবি জগতৰ সবাতোকৈ জনপ্ৰিয় অভিনেতা তথা দক্ষিণৰ ভগৱান ৰজনীকান্ত ব্ৰংকাইটিছত আক্ৰান্ত হৈছিল। এই ৰোগৰ চিকিৎসাৰ বাবে তেওঁ বহুদিন চিকিৎসালয়ত দিন কটাবলগীয়া হৈছিল।

ছলমান খান

বলীউডৰ ‘ভাইজান’ ছলমান খান ট্ৰাইজেমিনেল নিউৰালজিয়া নামৰ এক ৰোগত ভুগিছিল।ই এক স্নায়ু ৰোগ। এই ৰোগৰ ফলত মুখৰ বিভিন্ন অংশত অপৰিসীম বিষ হয়।

দীপিকা পাডুকোন

হতাশা আৰু উদ্বেগত অতি বেয়াকৈ সোমাই পৰিছিল বলীউডৰ ‘ডিম্পল গাৰ্ল’ দীপিকা পাডুকোন। বহু দিন ইয়াৰ চিকিৎসা কৰিও সম্পৰ্ণৰূপে সুস্থ হ’ব পৰা নাছিল দীপিকা। নিজে এনেদৰে স্বাস্থ্যজনিত ৰোগত ভোগাৰ পাছত অভিনেত্ৰীগৰাকীয়ে ‘লাইভ লাভ লাফ’ নামৰ এটা সংগঠনৰ জন্ম দিয়ে, যিয়ে এনেধৰণৰ স্বাস্থ্যজনিত সমস্যাত ভূগি থকা লোকসকলক সহায় কৰে।

কি ৰোগত আক্ৰান্ত আপোনাৰ প্ৰিয় তাৰকাজন, আজি জানি লওঁক
Richest Actors in The World - ‘ৱৰ্ল্ড অৱ ষ্টেটিষ্টিক্স’য়ে প্ৰকাশ কৰিলে ধনী অভিনেতাৰ তালিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in