এই হাড় কঁপোৱা শীতটো নিজৰ প্ৰাপ্যৰ বাবে যুঁজি আছে কৃষকে, তেওঁলোক সুৰক্ষিত থাককঃ অভিনেত্ৰী চিমি গোৰেৱাল…

এই হাড় কঁপোৱা শীতটো নিজৰ প্ৰাপ্যৰ বাবে যুঁজি আছে কৃষকে, তেওঁলোক সুৰক্ষিত থাককঃ অভিনেত্ৰী চিমি গোৰেৱাল…

author-image
asomiyapratidin
New Update
এই হাড় কঁপোৱা শীতটো নিজৰ প্ৰাপ্যৰ বাবে যুঁজি আছে কৃষকে, তেওঁলোক সুৰক্ষিত থাককঃ অভিনেত্ৰী চিমি গোৰেৱাল…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ বৰ্তমানেও অব্যাহত আছে। কৃষক সকলে নিৰন্তৰ দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলত নিজৰ অধিকাৰ বাবে যুঁজি থকা দেখা গৈছে। দিল্লীৰ হাড় কপোৱা ঠাণ্ডাৰ মাজতো কৃষক সকলে নিজৰ স্থিতি পৰা অলপো বিচলিত হোৱা নাই।

Advertisment

উল্লেখ্য যে, কৃষকৰ এই স্থিতিয়ে দেশৰ ভিন্ন প্ৰান্তৰ ভিন ভিন ক্ষেত্ৰক জোঁকাৰি যোৱাৰ লগতে জোঁকাৰি গৈছে বলিউডকো। কৃষকৰ সমৰ্থনত বলীউড অভিনেত্ৰী চিমি গৰেৱালে টুইট কৰিছে আৰু ই খুবেই চৰ্চিত হৈছে সামাজিক মাধ্যমত।


— Simi Garewal (@Simi_Garewal) December 22, 2020

টুইটযোগে তেওঁ মন্তব্য কৰিছে যে, যি সময়ত তেওঁলোক আৰামদায়ক জীৱন অতিবাহিত কৰিছে সেই সময়ত কৃষক সকল নিজৰ অস্তিত্ব আৰু অধিকাৰ ৰক্ষাত যুঁজত ঠাণ্ডাত ৰাস্তাতে দিন অতিবাহিত কৰিব লগা হৈছে। তেওঁ এয়া হৃদয় বিদাৰক বুলি উল্লেখ কৰি তেওঁলোকৰ সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনায়।

উল্লেখ কৰিব লগা যে সিন্ধু সীমাত কৃষক মজদুৰ সংঘৰ্ষ সমিতিৰ নেতা চৰবন সিঙে কয় যে তেওঁলোকে কৃষি কানুনৰ সংশোধন নিবিচাৰে বৰঞ্চ সমূলঞ্চে এই আইন বাতিল হোৱা বিচাৰিছে।