বলিউডৰ অভিনেত্ৰী শশীকলাৰ দেহাৱসান…

বলিউডৰ অভিনেত্ৰী শশীকলাৰ দেহাৱসান…

author-image
asomiyapratidin
New Update
বলিউডৰ অভিনেত্ৰী শশীকলাৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ বলিউডৰ জ্যেষ্ঠ অভিনেত্ৰী শশীকলা আৰু নাই। দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। মুম্বাইস্থিত বাসগৃহত মৃত্যু হয় তেওঁৰ।

Advertisment

তেওঁৰ মৃত্যু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। এনচিপি নেতা প্ৰফুল পাটেলে টুইটাৰত লিখিছে- 'জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি অতিকৈ দুখিত হ'লো। বলিউড জগতত তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ…।'

১০০ৰো অধিকখন বলিউডৰ ছবিত কাম কৰা অভিনেত্ৰীগৰাকীৰ বিশেষ ছবি কেইখন মানৰ নাম ক্ৰমে- ন' ড' গ্যাৰাহ', 'জংঘল', 'আয়ি মিলন কি বেলা', 'ঘৰ ঘৰ কি কাহিনী', 'চ'তে চৰকাৰ', 'খুছবু ৰাট', 'কভি খুচি, কভি গম', 'বাদশ্বাহ' আদি।