জে’ললৈ যাব বলিউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ !

জে’ললৈ যাব বলিউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ !

author-image
asomiyapratidin
New Update
জে’ললৈ যাব বলিউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ !

ডিজিটেল ডেস্কঃ জে'ললৈ যাব বলিউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ ! প্ৰৱঞ্চকৰ জালত পৰি এতিয়া থৰকাচুটি হেৰুৱাইছে জেকলিনে। সুকেশ চন্দ্ৰশেখৰ নামৰ এটা প্ৰৱঞ্চকৰ সৈতে অন্তৰংগ বন্ধুত্বৰ সম্পৰ্ক ৰক্ষা কৰা জেকলিনে এতিয়া তদন্তকাৰী সংস্থাৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া এক পৰিস্থিতিৰ সন্মুখীন হৈছে।

Advertisment

ইডিয়ে জেকলিনৰ পৰা জব্দ কৰিছে ৭ কোটি টকীয়া এক ফিক্সড ডিপোজিট। প্ৰৱঞ্চক চন্দ্ৰশেখৰে ২০০ কোটি প্ৰৱঞ্চাৰ জৰিয়তে সৰকাই তাৰে ৫.৭১ কোটি টকা দিছিল জেকলিনক। কেৱল সেইয়াই নহয় প্ৰৱঞ্চক চন্দ্ৰশেখৰে জেকলিনক দিছিল কোটি টকা মূল্যৰ ঘোঁৰা, মেকুৰী আৰু বহু কিবাকিবি।

জেকলিনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলিও এসময়ত চৰ্চিত হোৱা চন্দ্ৰশেখৰ ২০০ কোটি টকীয়া এক প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত হৈ জে'ললৈ যোৱাৰ পিছতে বিপদত পৰিল জেকলিন। পূৰ্বে বহু কেইবাৰ এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰ চমুকৈ ইডিৰ জেৰাৰ সন্মুখীন হৈছে জেকলিন। ইয়াৰ মাজতে জেকলিনৰ পৰা ইডিয়ে জব্দ কৰিছে ৭ কোটি টকীয়া এক ফিক্সড ডিপোজিত।

উল্লেখ্য যে, চন্দ্ৰশেখৰে 'ৰেনবক্সি'ৰ প্ৰাক্তন স্বত্বাধিকাৰী ছিবিন্দৰ সিঙৰ পৰিয়ালৰ পৰা প্ৰৱঞ্চনাৰে সৰকাইছিল ২০০ কোটি টকা। এই ছিবিন্দৰ সিঙো অবৈধ ধনৰ লেনদেনৰ গোচৰত ২০১৯ ত জেললৈ যাবলগীয়া হৈছিল। ইয়াৰ পিছতে ছিবিন্দৰৰ পত্নীৰ অদিতি সিঙৰ পৰা ২০০ কোটি টকা সৰকাইছিল চন্দশেখৰে। জেলত থকা ছিবিন্দৰক মুকলি কৰি অনাৰ বাবে লৈছিল সেই ২০০ কোটি।

কিন্তু ছিবিন্দৰক জে'লৰ পৰা উলিয়াই আনিবলৈ সক্ষম নোহোৱাৰ বাবে অদিতি সিঙে চন্দ্ৰশেখৰ বিৰুদ্ধে গোচৰ দিয়ে। ইয়াৰ পিছতে ইডিয়ে চন্দ্ৰশেখৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে আৰু চন্দ্ৰশেখৰে বলিউডৰ বহু কেইগৰাকী অভিনেত্ৰীৰ লগত ধনৰ লেনদেন কৰাৰ তথ্য লাভ কৰে

এইসকল অভিনেত্ৰীৰ মাজৰ এগৰাকী জেকলিন। কেৱল জেকলিনকে নহয় চন্দ্ৰশেখৰে জেকলিনৰ পৰিয়ালৰ লোককো দিছিল বহু টকাৰ উপহাৰ। অদিতি সিঙৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা চন্দ্ৰশেখৰৰ পৰা কোটি টকীয়া উপহাৰৰ উপৰিও ধন লৈ এতিয়া বিপদত পৰিছে জেকলিন।

জেকলিনৰ পৰা ৭ কোটি টকীয়া ফিক্সড ডিপোজিত জব্দ কৰাৰ পিছতে এতিয়া পুনৰ চৰ্চালৈ আহিছে প্ৰৱঞ্চক চন্দ্ৰশেখৰ আৰু জেকলিনৰ কাহিনী। বহুতেই সন্দেহ কৰিছে হয়তো জে'ললৈও যাবলগীয়া হ'ব পাৰে জেকলিন। কিন্তু ইডিৰ পৰা এই বিষয়ত কোনো ইংগিত বৰ্তমানলৈকে লাভ কৰা নাই।

ক্লিক কৰি পঢ়কঃ ৪ মে'ত বিটিআৰত স্থানীয় বন্ধ ঘোষণা….