ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত ৰাজনীতিৰ পথাৰত আন এগৰাকী জনপ্ৰিয় বলীউড তাৰকা…

ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত ৰাজনীতিৰ পথাৰত আন এগৰাকী জনপ্ৰিয় বলীউড তাৰকা…

author-image
asomiyapratidin
New Update
ৰীল নহয়, এইবাৰ ৰিয়েল লাইফত ৰাজনীতিৰ পথাৰত আন এগৰাকী জনপ্ৰিয় বলীউড তাৰকা…

ডিজিটেল ডেস্কঃ ছেপ্তেম্বৰ মাহৰ পৰা ৰাজনীতিৰ পথাৰত দেখিবলৈ পোৱা যাব বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তক। ৰাষ্ট্ৰীয় সমাজ পক্ষ (RSP) দলৰ প্ৰতিষ্ঠাপক তথা কেবিনেট মন্ত্ৰী মহাদেৱ জানকৰে ৰাজহুৱা কৰিছে এই কথা। লগতে ৰাজনৈতিক নেতাগৰাকীয়ে ইয়াকো কয় যে, ২৫ ছেপ্তেম্বৰতে দলটোত যোগ দিব অভিনেতাগৰাকীয়ে।

উল্লেখ্য যে, আৰ এছ পি হৈছে বিজেপিৰ সৈতে ২০১৪ চনৰ পৰা মিত্ৰতাত থকা এটা ৰাজনৈতিক দল। দলটোৰ পশুপালন তথা দুগ্ধ উন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে মহাদেৱ জানকৰে। শিৱাজী পাৰ্কত ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এক অনুস্থানত নেতাগৰাকীয়ে দলৰ কৰ্মকৰ্তাসকলক উদ্দ্যেশি ভাষণ প্ৰদান কৰাৰ সময়ত কয় সঞ্জয় দত্তই তেওঁলোকৰ দলত যোগদান কৰাৰ কথা।

নেতাগৰাকীয়ে কয় যে, অভিনেতা সঞ্জয় দত্তই তাৰিখৰ খেলিমেলি হৈ থকাৰ বাবেহে এতিয়ালৈকে দলটোত যোগ দিব পৰা নাই। লগতে তেওঁ কয় যে, বৰ্তমান সময়ত ডুবাইত আছে সঞ্জয় দত্ত। ইয়াৰ পূৰ্বেও ৰাজনীতিৰ পথাৰত সক্ৰীয় ৰূপত আছিল অভিনেতাগৰাকী। ২০০৯ চনত সমাজবাদী পাৰ্টীৰ হৈ লক্ষ্ণৌৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তেওঁ। পিছে তেওঁৰ ওপৰত থকা আদালতৰ শাস্তি ৰেহাই নোহোৱাৰ বাবেহে তেওঁ নিৰ্বাচন খেলিব নোৱাৰিলে।