/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/rajnikantdadasaheb-falke-award-for-web-AP-full-no-ad-2-copy.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হৈছে ৫১ সংখ্যক দাদাচাহেব ফাল্কে বঁটা। দক্ষিণ ভাৰতৰ 'থালাইৱা' অভিনেতা তথা ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰে এই কথা।
দাদাচাহেব ফাল্কে বঁটা প্ৰদানৰ ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- 'এই কথা জনাবলৈ পাই মই সুখী যে ৫১সংখ্যক দাদাচাহেব ফাল্কে বঁটা ভাৰতীয় চিনেমা জগতৰ দিগ্বজ অভিনেতা ৰজনীকান্তলৈ আগবঢ়োৱা হ'ব…।'