অভিনেত্ৰী সকলে কেৱল ডান্স কৰিব লাগেঃ বিজেপি নেতাৰ বিৰ্তকিত মন্তব্য…

অভিনেত্ৰী সকলে কেৱল ডান্স কৰিব লাগেঃ বিজেপি নেতাৰ বিৰ্তকিত মন্তব্য…

author-image
asomiyapratidin
New Update
অভিনেত্ৰী সকলে কেৱল ডান্স কৰিব লাগেঃ  বিজেপি নেতাৰ বিৰ্তকিত মন্তব্য…

ডিজিটেল ডেস্কঃ জে এন ইউৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদলৈ সমৰ্থন জনোৱাৰ কথা প্ৰকাশ কৰাৰ পাছতে বিজেপি বিভিন্ন নেতাই কটাক্ষ কৰিছে অভিনেত্ৰী দীপিকা পাডুকনক। শেহতীয়াকৈ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীয়ে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই কাৰ্য কৰা বুলি মন্তব্য কৰাৰ পিছত দেশৰ আন বিজেপি নেতাই দীপিকা কৰিছে কটাক্ষ।

মধ্য প্ৰদেশ বিজেপি নেতা গোপাল ভাৰ্গৱে দীপিকাৰ এই কাৰ্যক কটাক্ষ কৰি কয়, অভিনেত্ৰীসকলে কেৱল ডান্স কৰিব লাগে মুম্বাইত থাকি। জে এন ইউৰ প্ৰতিবাদস্থলীলৈ যাবলৈ কি দৰকাৰ আছিল। বৰ্তমান সময়ত এনে বহু লোকৰ জন্ম হৈছে যিয়ে সমাজপ্ৰিয় শিল্পীৰ মৰ্যদা লবলৈ যায়।'

উল্লখ্য যে, যোৱা ৫ জানুৱাৰীত জে এন ইউৰ শিক্ষক-শিক্ষাৰ্থীৰ ওপৰত বিশ্ববিদ্যালয় চৌহদতে প্ৰহাৰ কৰাৰ পাছত প্ৰতিবাদত বহিছিল শিক্ষাৰ্থীসকল। আৰু এই প্ৰতিবাদস্থলীতে গৈ উপস্থিত হৈছিলগৈ বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন।