/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/252bd729-80c6-4efd-9d43-d688ff068ca9/AP_FOR_WEB_big_boss__2_.jpg)
ডিজিটেল ডেস্ক :Bigg Boss 16: পুনৰ ভংগ হ'ল 'বিগ বছ'ৰ সকলোতকৈ কাঢ়া নিয়ম।হয়, 'বিগ বছ'ৰ নিয়ম অনুসৰি যি কোনো পৰিস্থিতিতে ঘৰৰ ভিতৰত কোনেও কাকো আক্ৰমণ কৰিব নোৱাৰিব।যদি ঘটনাই এনে পৰ্যায় পায়, তেতিয়া প্ৰতিযোগীক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হয়।কালি সম্প্ৰচাৰিত খণ্ডত 'ৰেপাৰ' এম ছি ষ্টেন আৰু ছালীন ভানোটৰ মাজত শাৰিৰীকভাৱে আক্ৰমণৰ ঘটনা সংঘটিত হয়।টিনা দত্তই ভৰিত আঘাত পোৱাৰ সময়ত ছালীন আৰু এম চিৰ মাজত এই সংঘাতৰ সূত্ৰপাত হয়।দুয়োয়ে দুয়োৰ পৰিয়ালৰ কথা বেয়াকৈ কোৱাক লৈ প্ৰথমে বাকযুদ্ধ আৰম্ভ হয়।ইয়াৰ পাছতে এম চিয়ে হাতত ঘৰসজ্জাৰ এটা সামগ্ৰী লৈ ছালীনৰ ফালে খেদি আহে আৰু দুয়ো সংঘাতত লিপ্ত হয়।দুয়োৰে কাজিয়া ভাঙিবলৈ যোৱা নিম্ৰিত আহলুৱালীয়া আৰু ছুম্বুল তৌকিৰ খান কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
ইপিনে, কেইদিনমান পূৰ্বেও অৰ্চনা গৌতম আৰু শিৱ ঠাকৰেৰ মাজত হোৱা মৌখিক কাজিয়াই পিছত হিংসাত্মক ৰূপ লৈছিল।অৰ্চনাই নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰি শিৱক আক্ৰমণ কৰে আৰু 'বিগ বছ'ৰ ঘৰৰ পৰা বাহিৰ হ'বলগীয়া হয়।পাছত অৱশ্যে 'বিগ বছ'য়ে অৰ্চনাক ঘৰলৈ ঘূৰি অহাৰ এক সুযোগ দিয়ে।
এই ঘটনাক লৈ এতিয়া চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।বহু দৰ্শকে দুয়োকে ঘৰৰ পৰা বাহিৰ কৰি দিবলৈও দাবী জনাইছে।আনহাতে, অধিনায়ক ছাজিদ খান আৰু অৰ্চনা গৌতমৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।অৰ্চনাই সময়মতে ঘৰৰ কাম নকৰাৰ বাবেই দুয়োৰে মাজত কথাৰ কটা-কটি হয় আৰু পৰিস্থিতি উতপ্ত হৈ পৰে।
দুটা ভাগত বিভক্ত হৈ পৰা ঘৰখনত এতিয়া শীঘ্ৰেই সলনি হৈছে সম্পৰ্কৰ সমীকৰণ।মুঠৰ ওপৰত কাজিয়াই হওঁক বা প্ৰেমেই হওঁক, দৰ্শকক মনোৰঞ্জন কৰাত ক্ৰুটি এৰা নেৰে শ্ব'টোৰ প্ৰতিযোগীসকলে।