ছাজিদ খানৰ বিৰুদ্ধে পুনৰ যৌন শোষণৰ অভিযোগ

ছলমানৰ আৰ্শীবাদপুষ্ট ছাজিদক ‘বিগ বছ -১৬’ৰ পৰা বাহিৰ কৰাৰ আহ্বান

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ছাজিদ খানৰ বিৰুদ্ধে পুনৰ যৌন শোষণৰ অভিযোগ

Sajid Khan News

ডিজিটেল ডেস্ক : বিৰ্তকই লগ নেৰা হৈছে পৰিচালক,কমেডিয়ান তথা অভিনেতা ছাজিদ খানক। হয়, বহু চৰ্চিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ-১৬’ৰ অন্যতম প্ৰতিযোগী ছাজিদ খানৰ বিৰুদ্ধে পুনৰ উত্থাপিত হ’ল যৌন শোষণৰ অভিযোগ।‘মি টু’ অভিযানতো এই পৰিচালকজনৰ বিৰুদ্ধে ইতিমধ্যেই বহু অভিযোগ উত্থাপিত হৈছিল।এইবাৰ এই অভিযোগ উত্থাপন কৰিছে মডেল নম্ৰতা শৰ্মা সিঙে।নম্ৰতাৰ মতে, পৰিচালকজনে কাম দিয়াৰ পলোভনৰে হেনো তেওঁক যৌন শোষনৰ চেষ্টা কৰিছিল।

Advertisment

এই ঘটনা অৱশ্যে ২০১১ চনৰ।পৰিচালকজনে ‘অডিশ্বন’ৰ বাবে নম্ৰতাক তেওঁৰ ঘৰলৈ মাতি আনি কোঠাৰ দৰ্জা মাৰি তেওঁৰ লগত অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল।কোনোমতে নিজকে বচাই সাৰি অহা মডেলগৰাকীয়ে পৰৱৰ্তী সময়ত তেওঁৰ লগত যোগাযোগ বন্ধ কৰি দিছিল।ছাজিদ খানৰ দৰে বলীউডৰ নামী-দামী পৰিচালকৰ বিৰুদ্ধে সেই সময়ত অভিযোগ তোলাৰ সাহ কৰিব পৰা নাছিল মডেল গৰাকীয়ে।মডেলগৰাকীয়ে এই অভিযোগ তুলি ‘বিগ বছ’ৰ পৰা তেওঁক বাহিৰ কৰিবলৈও সকলোকে আহ্বান জনাইছে।

উল্লেখ্য ‘বিগ বছ’ৰ ঘৰৰ ভিতৰতো ছাজিদ খানে তেওঁৰ লগৰ প্ৰতিযোগীসকলক অকথ্য ভাষাৰে গালি-গালাজ কৰি দৰ্শকৰ যথেষ্ট সমালোচনাৰ বলি হ’বলগীয়া হৈছে।

আনহাতে, কিছুদিন পূৰ্বে পূৰ্ব প্ৰেয়সী তথা অভিনেত্ৰী চাৰ্লিন চোপ্ৰায়েও মুম্বাইৰ জুহু আৰক্ষীৰ ওচৰত ছাজিদ খানৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছিল।কিন্তু এই অভিযোগৰ প্ৰতি আৰক্ষীয়ে কোনো কাণসাৰ নিদিয়া বুলি ৰাজহুৱা কৰিছে চাৰ্লিনে।চাৰ্লিনে উত্থাপন কৰা আন এক অভিযোগ মতে, ছাজিদ খানৰ মূৰত ছুপাৰষ্টাৰ ছলমান খানৰ হাত আছে, যাৰ বাবে আৰক্ষী-প্ৰশাসনে ছাজিদ খানৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে।চাৰ্লিনৰ মতে বলীউডৰ সকলো অভিনেত্ৰীয়েই ছাজিদ খানৰ দৰে লোকৰ পৰা আঁতৰি থকাটো অত্যন্ত জৰুৰী।

চাৰ্লিনৰ লগতে ছালনী চোপ্ৰা, আহানা কুম্ৰা আৰু মন্দনা কৰিমিও ছাজিদ খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কাৰো সহায় নোপোৱাৰ বিষয়ে ছ’ছিয়েল মিডিয়াত জানিবলৈ দিছিল। জনপ্ৰিয় পৰিচালক ফাৰাহ খানৰ ভাতৃ ছাজিদ খানে বলীউডৰ ‘হেই বেবী’, ‘হাউছফুল’, ‘হাউছফুল-২’, ‘হিম্মতৱালা’, ‘হমছকলছ’ৰ দৰে ছবি পৰিচালনা কৰি দৰ্শকৰ প্ৰিয় হৈ পৰিছিল।

bigg boss 16 sajid khan