Bigg Boss 16: ‘ঘৰ’লৈ উভতিল অৰ্চনা

Bigg Boss 16 - শিৱ থাকৰেক শাৰিৰীকভাৱে আক্ৰমণ কৰি ‘বিগ বছ ১৬’ৰ পৰা বাহিৰ হোৱা অৰ্চনা গৌতমে , ছলমান খান তথা ‘বিগ বছ’য়ে অৰ্চনাক পুনৰ ঘৰলৈ লৈ অনাৰ সিন্ধান্ত গ্ৰহণ কৰিলে।

author-image
Asomiya Pratidin
New Update
Bigg Boss 16: ‘ঘৰ’লৈ উভতিল অৰ্চনা

Bigg Boss 16:

ডিজিটেলডেস্কঃ Bigg Boss 16 - শিৱ থাকৰেক শাৰিৰীকভাৱে আক্ৰমণ কৰি ‘বিগ বছ ১৬’ৰ পৰা বাহিৰ হোৱা অৰ্চনা গৌতমে লাভ কৰিলে এক সোণালী সুযোগ।হয়, জনপ্ৰিয় শ্ব’টোৰ জনপ্ৰিয় ‘হ’ষ্ট’ ছলমান খান তথা ‘বিগ বছ’য়ে অৰ্চনাক পুনৰ ঘৰলৈ লৈ অনাৰ সিন্ধান্ত গ্ৰহণ কৰিলে। অৰ্চনাৰ সহজ-সৰল কথা-বতৰা আৰু ব্যতিক্ৰমী ব্যক্তিত্বই দৰ্শকক আৰ্কষিত কৰি আহিছে।আৰম্ভণিৰ পৰাই দৰ্শকক মনোৰঞ্জন কৰি অহা অৰ্চনা ‘বিগ বছ’ৰ দৰ্শকৰ খুৱেই পছন্দৰ প্ৰতিযোগী।

উল্লেখ্য,উত্তৰ প্ৰদেশৰ মিৰুটৰ বাসিন্দা অৰ্চনা গৌতম কংগ্ৰেছ দলৰ এগৰাকী চৰ্চিত নেত্ৰী।তদুপৰি, ‘মিছ উত্তৰ প্ৰদেশ’, ‘মিছ বিকিনি ইণ্ডিয়া’, ‘মিছ কছম ইণ্ডিয়া’, ‘মিছ টেলেণ্ট ৱৰ্ল্ড’ আদিৰ দৰে বহু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে অৰ্চনা গৌতমে।

বিগত সপ্তাহৰ শেষৰ ফালে অৰ্চনা শ্ব’টোৰ অন্যতম এগৰাকী প্ৰতিযোগী শিৱ থাকৰেৰ লগত কাজিয়াত লিপ্ত হয়।সেই কাজিয়াত শিৱে অৰ্চনাৰ দলৰ বিষয়ে উল্লেখ কৰাত খঙত অৰ্গ্নিশৰ্মা হৈ তেওঁ শিৱক শাৰিৰীকভাৱে আক্ৰমণ কৰে।শ্ব’টোৰ নিয়ম অনুসৰি কোনেও কাকো শাৰিৰীকভাৱে অপদস্থ কৰিব নোৱাৰে। সেয়েহে নিয়ম ভংগৰ অপৰাধত অৰ্চনাক ‘বিগ বছ’য়ে ঘৰৰ পৰা বাহিৰ কৰে।

কিন্তু আন এক নিয়ম অনুসৰি, বাহিৰৰ কথাৰে ঘৰৰ ভিতৰত সংঘাত কৰিব নোৱাৰিৱ।কিন্তু ঘৰৰ বাহিৰৰ কথাৰ বাবেই এই সমগ্ৰ ঘটনাটো সংঘটিত হোৱাৰ বাবে ‘বিগ বছ’য়ে অৰ্চনাক পুনৰ ঘৰলৈ অহাৰ সুবিধা দিয়ে আৰু শিৱ থাকৰেৰ লগতে আন প্ৰতিযোগীসকলকো ভৱিষ্যতে এনে কাম কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে।

shiv thakre archana gautam bigg boss 16