Bigg Boss 16: প্ৰেম আধৰুৱা হৈ ৰ’ল গৌতম-সৌন্দৰ্য্যাৰ

ছুম্বুলৰ একপক্ষীয় প্ৰেম: সৰ্বত্ৰে নেতিবাচক চৰ্চা
Bigg Boss 16: প্ৰেম আধৰুৱা হৈ ৰ’ল গৌতম-সৌন্দৰ্য্যাৰ

ডি়জিটেল ডেস্ক: Bigg Boss 16: বহু চৰ্চিত ৰিযেলিটি শ্ব’ ‘বিগ বছ’ৰ ঘৰত প্ৰতিটো ঘটনাই শ্ব’টোৰ দৰ্শকক মনোৰঞ্জনৰ খোৰাক দিয়ে।কিন্তু কালি সম্প্ৰচাৰিত খণ্ডৰ এক ঘটনাই ঘৰৰ সদ্যসৰ লগতে দৰ্শকৰো চকু সেমেকাই তুলিলে।‘বিগ বছ’ৰ ঘৰত দৰ্শকে আৰু কোনোদিনেই দেখিবলৈ নাপাব গৌতম সিং ভিগৰ আৰ্কষণীয় চেহেৰা।

আধাতে সামৰণি পৰিল এক প্ৰেম কাহিনীৰ।হয়, ‘বিগ বছ’ৰ ঘৰলৈ আহিয়েই অভিনেতা গৌতম সিং ভিগ প্ৰেমত পৰিছিল মডেল তথা অভিনেত্ৰী সৌন্দৰ্য্যা শৰ্মাৰ।প্ৰথমে সৌন্দৰ্য্যা এই প্ৰেমৰ জালত পৰা নাছিল যদিও লাহে লাহে গৌতমৰ কথা-বতৰাই তেওঁক আকৰ্ষিত কৰিবলৈ ধৰিলে।এনেকৈয়ে আৰম্ভ হৈছিল গৌতম-সৌন্দৰ্য্যাৰ দুখন হৃদয় এক হোৱাৰ সপোন।

গৌতম সিং ভিগ ঘৰৰ পৰা বাহিৰ হোৱাৰ সত্য যেন মানি ল’ব পৰা নাই সৌন্দৰ্য্যাই।গৌতমে নিজেও প্ৰথমে তেওঁৰ এই সত্য মানি ল’বলৈ অস্বীকাৰ কৰিছিল।শ্ব’টোৰ ‘হষ্ট’ ছলমান খানে ঘৰৰ পৰা বাহিৰ হোৱা প্ৰতিযোগীৰ নাম গৌতম সিং ভিগ বুলি উল্লেখ কৰাত গৌতমৰ লগতে ঘৰৰ সকলোৱে সেয়া ধেমেলীয়া ছালমান খানৰ ধেমালি বুলিয়েই ভাবিছিল।যাৰ বাবে প্ৰতিযোগীসকল ঘৰৰ পৰা বাহিৰ হ’বলৈ খোল খোৱা সেই বিশেষ দুৱাৰ খনৰ ওচৰলৈ আগবাঢ়ি অহা নাছিল গৌতম।কিন্তু তাৰ পাছত ‘বিগ বছ’য়ে নিজেই ঘোষণা কৰি গৌতমক তথা ঘৰৰ সদস্যক এয়া যে সত্য সেয়া স্পষ্ট কৰে।গৌতম ঘৰৰ বাহিৰ হোৱাৰে পাছতে কান্দোনত ভাগি পৰা সৌন্দৰ্য্যাক শান্তনা দিয়া দেখা গ’ল আব্দু ৰজিক,অৰ্চনা গৌতম,প্ৰিয়ংকা চাহাৰ চৌধুৰী আৰু শিৱ থাকৰেক।

উল্লেখ্য, বিগত সপ্তাহত ঘৰৰ বাহিৰলৈ যোৱাৰ তালিকাখনত নাম অৰ্ন্তভূক্ত হৈছিল দুই প্ৰেমিক যুগল ছালীন ভানোট-টীনা দত্ত আৰু গৌতম সিং ভিগ- সৌন্দৰ্য়া শৰ্মাৰ।গৌতমে আন কেইজনৰ তুলনাত দৰ্শকৰ কম ভোট পোৱাত শ্বটোৰ পৰা বাহিৰ হবলগীয়া হয়।

ইফালে, 'বিগ বছ'ত আন এক প্ৰেম কাহিনীৰ চৰ্চাও এতিয়া চৌদিশে চলিছে।সেয়া ১৯বছৰীয়া অভিনেত্ৰী ছুম্বুল তৌকিৰ খানৰ একপক্ষীয় প্ৰেম।ছুম্বুল প্ৰেমত পৰিছে ৩৯ বছৰীয়া ছালীন ভানোটৰ।শ্ব’টোৰ প্ৰথমৰ পৰাই ছুম্বুলক ছালীনৰ প্ৰতি আকৃষ্ট হোৱা বিষয়টো আন প্ৰতিযোগীসকলৰ লগতে দৰ্শকৰো স্পষ্টকৈ দৃষ্টিগোচৰ হৈছিল।ইয়াৰ পাছতে ছুম্বুলৰ পিতৃ আহি ছলমান খানৰ সৈতে অভিনেত্ৰীগৰাকীৰ  লগত এই বিষয় সন্দৰ্ভত আলোচনা কৰিছিল।ছুম্বুলৰ পিতৃয়ে তেওঁক ছালীন ভানোটৰ পৰা আ.তৰি থাকিবলৈও স্পষ্টকৈ প্ৰকাশ কৰিছিল।কিন্তু প্ৰেম যে অন্ধ! পিতৃ তথা ছলমান খানৰ কথা নুশুনি এতিয়া একপ্ৰকাৰ বিপদতেই পৰিল অভিনেত্ৰীগৰাকী।এই সমগ্ৰ বিষয়টোৰ বাবে ঘৰৰ লগতে বহিৰৰ জগততো বহু বেয়াকৈ সমালোচনাৰ সন্মুখীন হৈছে ছুম্বুল।ছালীন ভনোট আৰু টীনা দত্তৰ প্ৰেমৰ মাজত ছুম্বুল প্ৰাচীৰ হৈ থিয় দিছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।উল্লেখ্য, দিলজীত কৌৰৰ লগত ইতিমধ্যে বিবাহ বিচ্ছেদ হোৱা ছালীন ভানোট ১০ বছৰীয়া এটি পুত্ৰ সন্তানৰ পিতৃ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in