Bigg Boss 16:'বিগ বছ'ৰ পৰা বাহিৰ হ’ব ছালীন!

ছ’ছিয়েল মিডিয়াত চৰ্চা

author-image
Asomiya Pratidin
New Update
Bigg Boss 16:'বিগ বছ'ৰ পৰা বাহিৰ হ’ব ছালীন!

ডিজিটেল ডেস্ক:Bigg Boss16: সকলো সময়তে খেল ৰোমাঞ্চকৰ হয় ‘বিগ বছ’ৰ। কেতিয়াবা যদি কোনো তাৰকাই আকস্মিকভাৱে ঘৰত প্ৰৱেশ কৰে আৰু কেতিয়াবা বহু চৰ্চিত তাৰকাও সোনকালে ঘৰৰ পৰা বাহিৰ হ’বলগীয়া হয়।মুঠতে কোনেও একো কথাতেই একো পূৰ্বানুমান কৰিব নোৱাৰে। সেয়ে হয়তো ‘বিগ বছ’ সকলো ৰিয়েলিটী শ্ব’টকৈ একেবাৰে পৃথক।

Advertisment

এই সপ্তাহতো এনে এজন চৰ্চিত প্ৰতিযোগী ঘৰৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে।হয়, এইবাৰ ঘৰৰ বাহিৰলৈ যোৱাৰ তালিকাখনত নাম অৰ্ন্তভূক্ত হৈছে দুই প্ৰেমিক যুগল ছালীন ভানোট-টীনা দত্ত আৰু গৌতম সিং ভিগ- সৌন্দৰ্য়া শৰ্মা।

উল্লেখ্য, ইয়াৰে আটাইকেইজনেই ‘বিগ বছ’ৰ বাহিৰৰ পৃথিৱীখনত অতিকৈ জনপ্ৰিয়।‘বিগ বছ’ৰ ঘৰত দুই যুগলৰ প্ৰেম কাহিনী মিছা বুলি অভিযোগ উঠি আহিছে যদিও বিষয়টোয়ে দৰ্শকক আমোদো দিছে।ইছালে, মাংসৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে ছালীনে সময়ে সময়ে কৰা কৰ্ম-কাণ্ডই দৰ্শকক হাঁহিৰ খোৰাক যোগাইছে।

‘বিগ-বছ’ৰ সকলো ঘটনাই সদায়েই ছ’ছিয়েল মিডিয়াত বিশেষভাৱে চৰ্চা লাভ কৰে।স্বাভাৱিকভাৱেই এই বিষয়টোক লৈও চৌদিশে আৰম্ভ হৈছে বিশেষ প্ৰতিক্ৰিয়া।অনুৰাগীসকলৰ মতে, এইবেলি ঘৰৰ পৰা বিদায় ল’ব ছালীন ভানোটে।গৌতম আৰু সৌন্দৰ্য়াক ঘৰৰ পৰা বাহিৰ নহ’বৰ বাবে হেনো সকলো অনুৰাগীয়েই ভোট কৰিব।টেলিভিছনৰ খুবেই জনপ্ৰিয় অভিনেত্ৰী টীনা দত্তৰো বহু অনুৰাগী আছে।অনুৰাগীসকলে তেওঁক শ্ব’ৰ পৰা বাহিৰ হ’বলৈ নিদিয়ে বুলিও ছছিয়েল মিডিয়াত চৰ্চিত হৈছে।

অধিকাংশ অনুৰাগীয়ে আকৌ ছালীনক ‘বিগ বছ’ৰ পৰা বাহিৰ হৈ উদৰ পূৰাই মাংস খাবলৈ উপদেশ দিছে।টীনাৰ লগত থকা সম্পৰ্কৰ পাছতো ছুম্বুল তৌকিৰ খানৰ লগতে ‘বিগ বছ’ৰ আন মহিলা প্ৰতিযোগীৰ লগত কৰা অতিমাত্ৰা হলি-গলিৰ বাবেও ছালীনৰ বিৰুদ্ধে খুবেই নেতিবাচক প্ৰতিক্ৰিয়া কৰিছে ‘বিগ বছ’ৰ অনুৰাগীসকলে।

bigg boss 16 bigg boss