BIGG BOSS 16: 'বিগ বছ'ৰ কেপ্টেইন ছাজিদ

ছালীনে লাভ কৰিলে পুনৰ কেপ্টেইন হোৱাৰ সুযোগ

author-image
Asomiya Pratidin
New Update
BIGG BOSS 16: 'বিগ বছ'ৰ কেপ্টেইন ছাজিদ

Sajid Khan

ডিজিটেন ডেস্ক: BIGG BOSS 16: দেশৰ সবাতোকৈ চৰ্চিত তথা বিতৰ্কিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ নতুন কেপ্টেইন হ’ল ছাজিদ খান।কালি সম্প্ৰচাৰিত হোৱা খণ্ডত কেপ্টেইন নিৰ্বাচনৰ বাবে ‘বিগ বছ’য়ে ঘৰৰ প্ৰতিযোগীসকলক এক বিশেষ ‘টাস্ক’ কৰিবলৈ দিয়ে। এই ‘টাস্ক’ৰ জৰিয়তেই ছাজিদ খান অনাগত সপ্তাহৰ বাবে কেপ্টেইন হোৱাৰ সুযোগ লাভ কৰে।তদুপৰি,’বিগ বছ’য়ে কেপ্টেইনক প্ৰতিযোগীসকলৰ মাজত ঘৰৰ কাম-কাজ আৰু থকা কোঠালী সলনি কৰাৰ দায়িত্ব দিয়ে আৰু ইয়াৰ পাছতে সলনি হয় ঘৰৰ পৰিৱেশ।ছাজিদ খানে তেওঁৰ পছন্দৰ প্ৰতিযোগী তথা দলৰ সদস্যক সকলো ভাল সুবিধা দি আন কেইজনমান যোগ্য প্ৰতিযোগীক এই সুবিধাৰ পৰা বঞ্চিত কৰে।ইয়াৰ পাছতে একাংশ প্ৰতিযোগীয়ে ছাজিদৰ নিৰ্ণয়ৰ বিৰুধীতা কৰে আৰু ঘৰৰ পৰিস্থিতি সম্পূৰ্ণ ৰুপে সলনি হৈ পৰে। 

Advertisment

সদায় পৰিস্থিতি সলনি হোৱাটো পিছে ‘বিগ বছ’ৰ ঘৰৰ বাদ-বিবাদ তথা প্ৰতিটো খবৰে সদায় বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।বিভিন্ন ক্ষেত্ৰত সফল তাৰকাৰ সমাহাৰৰে সমৃদ্ধ ‘বিগ বছ’ত প্ৰতি বছৰতে বিশেষভাৱে চৰ্চাত থাকে ইয়াৰ প্ৰতিযোগীৰ মাজত সৃষ্টি হোৱা প্ৰেম কাহিনী। 

উল্লেখ্য, ‘বিগ বছ’য়ে ছালীন ভানোটকো দিলে পুনৰ কেপ্টেইন হোৱাৰ আন এটি সুযোগ।ঘৰৰ নিয়ম উলংঘা কৰাৰ বাবে পূৰ্বে ‘বিগ বছ’য়ে ছালীনৰ পৰা কেপ্টেইন হোৱাৰ অধিকাৰ কাঢ়ি লৈছিল।

bigg boss 16 bigg boss sajid khan