Bigg Boss 16: ৰাখীক অনুসৰণৰে চৰ্চাত থাকিবলৈ বিচাৰিছে অৰ্চনা:অংকিত

নিজৰ সুকীয়া ব্যক্তিত্বৰে সদায় লাইমলাইটত থকা ‘বিগ বছ’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী অৰ্চনা গৌতমৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপিত হৈছে।তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ঘৰৰ সদস্য অংকিত গুপ্তায়ে।

author-image
Asomiya Pratidin
New Update
Bigg Boss 16: ৰাখীক অনুসৰণৰে চৰ্চাত থাকিবলৈ বিচাৰিছে অৰ্চনা:অংকিত

ডিজিটেল ডেস্ক:Bigg Boss 16: নিজৰ সুকীয়া ব্যক্তিত্বৰে সদায় লাইমলাইটত থকা ‘বিগ বছ’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী অৰ্চনা গৌতমৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপিত হৈছে।তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ঘৰৰ সদস্য অংকিত গুপ্তায়ে।তেওঁ কয়, ‘অৰ্চনা ৰাখী ছাৱন্তৰ দৰে হ’বলৈ বিছাৰিছে।যাৰ বাবে প্ৰতিদিনেই কিবা নহয় কিবা অজুহাতত ঘৰৰ সদস্যৰ লগত বিবাদৰ সৃষ্টি কৰে।কিন্তু ৰাখী ছাৱন্তটো সদায় ৰাখী ছাৱন্তেই।দৰ্শকক তেওঁ কৰা মনোৰঞ্জক কেতিয়াও কোনেও ফেৰ মাৰিব নোৱাৰে।সেয়েহে প্ৰতি বছৰে বিগ বছত দৰ্শকে ৰাখীক দেখিবলৈ পায়।’

Advertisment

অৱশ্যে এই ক্ষেত্ৰত বৰ্তমানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অৰ্চনা গৌতমে।ইফালে, অংকিতৰ ঘনিষ্ঠ বান্ধৱী প্ৰিয়ংকা চাহাৰ চৌধুৰীৰ সৈতেও সমীকৰণ সলনি হৈছে অৰ্চনাৰ। দুয়োৰে মাজত গঢ় লৈ উঠা ভাল বান্ধৱীৰ সম্পৰ্কত এতিয়া ফাঁট মেলিছে।অৰ্চনা ঘৰলৈ পুনৰ বাৰ আহোতে সকলোতকৈ সুখী হৈছিল প্ৰিয়ংকা।কিন্তু তাৰ পাছতে পাকঘৰত দুয়োৰে মাজত বাকযুদ্ধ হয় আৰু দুয়ো দুয়োৰে বিৰোধ হৈ পৰে।

উল্লেখ্য, ঘৰৰ সদস্যৰ মাজত ৰেচনৰ সামগ্ৰী বিতৰণৰ বাবে হোৱা এক বিশেষ কাৰ্যত অৰ্চনাৰ ঘৰৰ অধিনায়ক ছাজিদ খানৰ লগতো সংঘাত হয়।যাৰ বাবে ঘৰৰ অধিকাংশ সদস্যই অৰ্চনাৰ বিৰুদ্ধে থিয় হৈ তেওঁৰ সকলো কাপোৰ-কানি খেলিমেলি কৰাৰ লগতে তেওঁ ঘৰৰ পৰা বাহিৰ হোৱাৰ যোগ্য বুলিও ক্ষোভ উজাৰে।  

bigg boss 16 bigg boss archana gautam