‘ভাৰত’ৰ শ্বুটিঙৰ মাজতে ছ’চিয়েল মিডিয়াত ছলমানৰ পোষ্ট, ভাইৰেল হ’ল ফটো….

‘ভাৰত’ৰ শ্বুটিঙৰ মাজতে ছ’চিয়েল মিডিয়াত ছলমানৰ পোষ্ট, ভাইৰেল হ’ল ফটো….

author-image
asomiyapratidin
New Update
‘ভাৰত’ৰ শ্বুটিঙৰ মাজতে ছ’চিয়েল মিডিয়াত ছলমানৰ পোষ্ট, ভাইৰেল হ’ল ফটো….

ডিজিটেল ডেস্কঃ বৰ্তমান বলিউদৰ 'ভাই জান' ব্যস্ত তেওঁৰ নতুন ছবিখনৰ শ্বুটিঙত। 'ভাৰত' নামৰ ছবিখনক লৈয়ে এতিয়া ভীষণ ব্যস্ত ছলমান খান। উল্লেখ্য যে ২০১৯ৰ ঈদত ছবিগৃহলৈ আহিব ছলমানৰ এই ছবিখন। ইফালে, ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অভিনেতাগৰাকীয়ে প্ৰায়ে ছবিৰ শ্বুটিঙৰ সময়ৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা পৰিলক্ষিত হয়।


— Salman Khan (@BeingSalmanKhan) April 15, 2019

সোমবাৰেও প্ৰায় দিনৰ ১১ বজাত ছলমান খানে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে নতুন ছবিখনৰ ফটো। এজন বৃদ্ধৰ ৰূপত দেখা পোৱা এই ছবিখন বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে। ছলমানে ফটোখনৰ লগতে লিখিছে- 'ফটোখনত যিমান চুলি আৰু দাঢ়ি মোৰ পকীছে, তাতকৈ বহু গুণে বেছি ৰঙীণ মোৰ জীৱনটো।'

ইফালে, ইয়াৰ পূৰ্বে ছবিখনৰ এটা ট্ৰেইলাৰো মুক্তি পাইছিল। ছবিখনত ছলমান খানৰ লগতে অভিনেত্ৰী কেটৰিণা কাইফ, দিশা পাটানী, সুনীল গ্ৰোবাৰ, তব্বুৰ দৰে বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে। আৰু ছবিখনৰ পৰিচালক আলী আব্বাছ জাফৰ ছবিখন দৰ্শকে আকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে।