/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/bharat-movie-review-02.jpg)
ডিজিটেল ডেস্কঃ ছবিঘৰত ছলমানৰ ছবি ভাৰতলৈ দৰ্শকে আগবঢ়াইছে অভূতপূৰ্ব সহাঁৰি। মুক্তিৰ প্ৰথমদিনাই ছবিখনে কেৱল ভাৰততে উৰ্পাজন কৰিছিল ৪২.৩০ কোটি টকা। দ্বিতীয় দিনা ৩১ কোটি টকা আৰু তৃতীয় দিনাচ অথাৎ যোৱা শুকুৰবাৰে ছবিখনে উপাৰ্জন কৰে ২৫ কোটি টকা। মুক্তিৰ ৩ দিনৰ অন্তত ছবিখনে কেৱল ভাৰততে উপাৰ্জন কৰিলে প্ৰায় ৯৬ কোটি টকা।
ছবিখনলৈ দৰ্শকে দিয়া সহাঁৰিলৈ চাই শনিবাৰে যে ছবিখনে ১০০ কোটিৰ ক্লাৱত অন্তভূক্ত হ'ব সেয়া নিশ্চিত। উল্লেখ্য যে, প্ৰায় ১০০ কোটি টকাৰ বাজেটৰ পৰিচালক আলী আব্বাছ জফৰৰ এই ছবিখন ৭০ খন দেশৰ ১৩০০ খন স্কীণত মুক্তি দিয়া হৈছিল। ছবিখনত কেটৰীণা আৰু দীশা পাটানীৰ দমদাৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us